Breaking

সৰ্বভাৰতীয় অসামৰিক ক্ৰিকেট প্ৰতিযোগিতাত কেৰালাৰ বিৰুদ্ধে অসমৰ জয়লাভ…

0 66

সৰ্বভাৰতীয় অসামৰিক ক্ৰিকেট প্ৰতিযোগিতাত কেৰালাৰ বিৰুদ্ধে অসমৰ জয়লাভ

সৰ্বভাৰতীয় অসামৰিক সেৱা চমুকৈ এ আই চি এছ টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাত কেৰালাৰ বিৰুদ্ধে অসমে ৪৮ ৰাণত জয়লাভ কৰিছে । নতুন দিল্লীৰ ভাৰত নগৰ ক্ৰিকেট খেলপথাৰত ১৫ ডিচেম্বৰ, শুকুৰবাৰে অসম সচিবালয় দল আৰু কেৰালা ৰাজ্যিক সচিবালয় দল পৰস্পৰৰ মুখামুখি হয় ।

নক আউট টুৰ্ণামেণ্টৰ মেচখনত টছত জয়ী হৈ অসম সচিবালয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত সংগ্ৰহ কৰে ১৬৪ ৰাণ । অসম দলৰ অধিনায়ক পাৰ্থিব কাশ্যপ শৰ্মাই ২৯ বলত ৪৪ ৰাণ আৰু সিদ্ধাৰ্থ মেধিয়ে ২২ বলত ৪২ ৰাণ সংগ্ৰহ কৰে ।

প্ৰত্যুত্তৰত অসম দলৰ ক্ষুৰধাৰ বলিঙৰ সন্মূখত টিকিব নোৱাৰি কেৰালা সচিবালয়ে ১৭.৫ অভাৰত ১১৬ ৰাণতে ইনিংছ সামৰে । বলিঙত অসমৰ হৈ পাৰ্থিৱে ৩ টা, আকাশ মণ্ডল, মন্টু দাস আৰু মনীষ দাসে ২ টাকৈ উইকেট দখল কৰে ।
অসম সচিবালয়ে ১৭ ডিচেম্বৰ, দেওবাৰে পুডুচেৰী ৰাজ্যিক সচিবালয় দলৰ বিৰুদ্ধে পৰৱৰ্তী মেচ খেলিব ।

Leave A Reply