Breaking

সোণতলীত বৰলুইত শিল্পী সমাজৰ সমিতি গঠনঃ ২৬ মে’ত শপত গ্ৰহণ…

0 15

কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীত আজি বৰলুইত শিল্পী সমাজ নামৰ এখনি সমিতি গঠন কৰে৷ বৃহত্তৰ সোণতলী, ছমৰীয়া, ডেকাচাঙ, কাছুমাৰা, টুপামাৰী অঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে এই সমিতিখন গঠন কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি সোণতলীস্থিত নাজমা হীৰা মেম’ৰিয়েল পাব্লিক স্কুলৰ হোমেন বৰগোহাঞি অধ্যায়ন কেন্দ্ৰত প্ৰাক্তন সাংবাদিক আজাদ ওচমান গণিৰ সঞ্চালনাত এখনি সভা অনুষ্ঠিত হয়।

ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত শিল্পীসকলক আগবাঢ়ি যোৱাত সহযোগিতা কৰা, আঞ্চলিক পৰ্যায়ৰ প্ৰতিভাশালী শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া, সমাজত সুস্থ বাতাবৰণ ৰক্ষাৰ ক্ষেত্ৰত ভিন্ন কাৰ্যপন্থা হাতত লোৱা, থলুৱা জনগোষ্ঠীৰ লোক সংস্কৃতি সমূহ সংৰক্ষিত কৰাৰ বাবে গুৰুত্ব আৰোপ কৰাৰ ওপৰিও কোনোবা শিল্পীৰ ব্যক্তিগত জীৱনত দুৰৱস্থাই দেখা দিলে সকলোৱে মিলি সহায়ৰ হাত আগবঢ়োৱা আদি লক্ষ্য আৰু উদ্দেশ্যলৈ এই সমিতিখন গঠন কৰে।

সভাত সৰ্বসন্মতি ক্ৰমে মনিৰুল হক মনিক সভাপতি, মিন্টু বৰাক কাৰ্যকৰী সভাপতি, নজৰুল ইছলাম, ৰেজাউল কবিৰ, দ্বীপজ্যোতি দাসক উপ সভাপতি, আমিন নজমুল ইছলামক সাধাৰণ সম্পাদক, আফজালুৰ ৰহমান, অমৃত সৰকাৰ, শুকুৰ মামুদক সম্পাদক হিচাপে লৈ ২১ জনীয়া সমিতি গঠন কৰে ৷ উল্লেখ্য যে এই সভাৰ জৰিয়তে চলিত মাহৰ ২৬ মে তাৰিখে নাজমা হীৰা মেম’ৰিয়েল পাব্লিক স্কুল প্ৰাঙ্গনতে নৱগঠিত সমিতিখনৰ শপত গ্ৰহন অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে৷

Leave A Reply