Breaking

মুল্য বৃদ্ধিৰ প্ৰতিবাদত মৰাণত আছুৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী হুংকাৰ

0 35

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰাণ, ৪ নৱেম্বৰঃ অত্যাৱশকীয় খাদ্য সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি মৰাণত আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা  সমিতিৰ আহ্বানত মৰাণ আঞ্চলিক সমিতিয়ে মৰাণ নগৰ মাজ-মজিয়াত অত্যাৱশকীয় খাদ্য সামগ্ৰী মুল্যবৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনায়।

আছুৰ প্ৰতিবাদীসকলে মৰাণ নগৰৰ মাজমজিয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিজেপিৰ মিত্ৰজোট চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গান দি মৰাণৰ আকাশ-বতাহ  কপাই তোলাৰ লগতে গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু যোগান মন্ত্ৰী ফনীভুষন চৌধুৰী জুমুঠি দাহ কৰে।

পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসন বাঘজৰী হাতত লোৱা সৰ্বানন্দ সোনোৱাল চৰকাৰে সৰ্বসাধাৰণ লোকক কেৱল শোষণ কৰি অহাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি জিতু গগৈ আৰু সম্পাদক ভাস্কৰ বৰুৱাই চৰকাৰক কঠোৰ সমালোচনা কৰে।

শীঘ্ৰে যদিহে মুল্য বৃদ্ধি ৰোধ নকৰে তেন্তে সদৌ অসম ছাত্ৰ সন্থাই অধিক জংগী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি হুংকাৰ প্ৰদান কৰিছে।

Leave A Reply