Breaking

পৃথিৱীৰ দিশে আহি আছে আটাইতকৈ ডাঙৰ আৰু বেগী গ্ৰহাণু। বিজ্ঞানী সতৰ্কবাণী! ২০০ বছৰৰ পিছত মাৰ্চত আহিব পৃথিৱীৰ একেবাৰে কাষলৈ।

0 48

এই বছৰৰ ২১ মাৰ্চত পৃথিৱীৰ দিশে আহিব এটা গ্ৰহাণু। বিজ্ঞানীৰ মতে, এই গ্ৰহাণু সকলোতকৈ ডাঙৰ আৰু দ্ৰুততম গ্ৰহাণু। ২০০ বছৰৰ পিছত পৃথিৱীৰ একেবাৰে কাষলৈ আহিব এই গ্ৰহাণু। নাছাৰ তৰফৰ পৰা গ্ৰহাণুৰ নাম দিয়া হৈছে  Asteroid 2001 FO32।Earth Skyত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, প্ৰতি ছেকেণ্ডত ২১ মাইল গতিত আহিবলৈ ধৰিছে গ্ৰহাণুটো। সেই হিচাপত ২১ মাৰ্চত পৃথিৱীৰ একেবাৰে কাষলৈ আহিব।  এই  2001 FO32 গ্ৰহাণুৰ ডায়ামিটাৰ হ’ব ১ কিলোমিটাৰ। ২১ মাৰ্চৰ নিশা ৯.৩০ বজাত দেখা যাব দৃশ্য। কিন্তু কাষলৈ আহিলেও পৃথিৱীৰ পৰা প্ৰায় ১.৩ মিলিয়ন মাইল দূৰত থাকিব। আকাৰ-আকৃতিত ডাঙৰ হলেও খালী চকুৰে দেখা নাযাব পাৰে গ্ৰহাণুটো।  বিজ্ঞানীৰ অনুমান, ২১ মাৰ্চৰ পিছত আকৌ ৩১ বছৰৰ পিছত অর্থাৎ ২০৫২ চনৰ ২২ মাৰ্চত পুনৰ দেখা যাব Asteroid 2001 FO32ক। বিজ্ঞানীৰ অনুমান, ২১ মাৰ্চৰ পিছত আকৌ ৩১ বছৰৰ পিছত অর্থাৎ ২০৫২ চনৰ ২২ মাৰ্চত পুনৰ দেখা যাব Asteroid 2001 FO32ক। Asteroid 2001 FO32ৰ আছে এক ইতিহাস।  প্ৰথমবাৰলৈ ২০০১ চনৰ ২৩ মাৰ্চত এই গ্ৰহাণু আবিষ্কাৰ কৰিছিল Lincoln Near-Earth Asteroid Research-এ।  সেই সময়ত জনোৱা হৈছিল যে, প্ৰতি ৮১০ দিন নিজ কক্ষপথত সূৰ্যক পদক্ষিণ কৰে এই গ্ৰহাণুৱে।

Leave A Reply