Breaking

ডুবাইৰ সাঁতোৰ প্ৰতিযোগিতাত আস্থা চৌধুৰীৰ আন এক স্বৰ্ণ পদক লাভ

0 98

দেওবাৰে অনুষ্ঠিত হোৱা দ্বিতীয় স্পীডো আমন্ত্ৰণমূলক লং কোৰ্চ মিট ২০২৩ত আন এক স্বৰ্ণ পদক লাভ কৰি ডুবাইত জিলিকি উঠিছে অসমৰ আস্থা চৌধুৰীয়ে।

সূত্ৰই জনোৱা মতে, ২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত ২.১৯.৯৬ মিটাৰ দৌৰত অভিলেখ সৃষ্টি কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে আজি সামৰণিৰ অনুষ্ঠানত আস্থা চৌধুৰীয়ে লাভ কৰা এয়া দ্বিতীয়টো স্বৰ্ণ পদক।

শনিবাৰে আস্থা চৌধুৰীয়ে ১০০ মিটাৰ বাটাৰফ্লাই মহিলা প্ৰতিযোগিতাত ১.০১.৯৮ মিটাৰ ছেকেণ্ডৰ অভিলেখ সৃষ্টি কৰি স্বৰ্ণ পদক লাভ কৰে।

২০ আৰু ২১ মে’ত ডুবাইৰ হামডান স্প’ৰ্টছ কমপ্লেক্সত দুদিনীয়া প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ইয়াৰ পূৰ্বে ২০২২ চনৰ অক্টোবৰ মাহত বাংগালুৰুত অনুষ্ঠিত ৪৭ সংখ্যক গ্লেনমাৰ্ক জুনিয়ৰ নেশ্যনেল একুৱাটিক চেম্পিয়নশ্বিপত আস্থাই পূৰ্বে ১.০৩.২৪ ছেকেণ্ডত থকা ১২ বছৰীয়া ছিনিয়ৰ ৰাষ্ট্ৰীয় অভিলেখ আৰু ১.০৪.৬৬ ছেকেণ্ডত জুনিয়ৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছিল।

Leave A Reply