Breaking

বিহাৰৰ বৈশালীত শোভাযাত্ৰাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত কমেও ১২ জন লোক…

0 57

ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল লোকসকলে। পদযাত্ৰাৰ সময়তে হঠাতে এখন ট্ৰাক তেওঁলোকৰ পিনে তীব্ৰ গতিৰে আহি খুন্দিয়ায়। মুহূৰ্তৰ ভিতৰতে ট্ৰাকে পদযাত্ৰাত অংশগ্ৰহণ কৰা কেইবাজনো লোকক পিষ্ট কৰে। ঘটনাটোত মহিলা আৰু শিশুসহ কমেও ১২ জন লোকে প্ৰাণ হেৰুৱাইছে। আন কেইবাজনো আহত হৈছে। বিহাৰৰ বৈশালীত এই ঘটনা সংঘটিত হৈছে।

বাতৰি অনুসৰি, দেওবাৰে আবেলি উত্তৰ বিহাৰৰ বৈশালী জিলাত এক ধৰ্মীয় পদযাত্ৰা উলিওৱা হয়। নিশা প্ৰায় ৯ বজাত ভক্তসকলে স্থানীয় দেৱতা ভূমিয়া বাবাৰ উপাসনা কৰিবলৈ পিপুল গছৰ সন্মুখত একত্ৰিত হৈছিল। যেতিয়া পূজা আৰম্ভ হৈছিল তেতিয়াই তীব্ৰ গতিৰে লৰি আহে এখন ট্ৰাক। চকুৰ পলকতে মহতিয়াই নিয়ে উপস্থিত ভক্তসকলক।

দুৰ্ঘটনাটোত শিশু আৰু মহিলাসহ কমেও ১২ জন লোক নিহত হৈছে। আন কেইবাজনো গুৰুতৰভাৱে আহত হৈছে। আহতসকলক হাজিপুৰ সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।আৰক্ষীয়ে ইতিমধ্যে ট্ৰাকৰ চালক আৰু সহায়কজনক গ্ৰেপ্তাৰ কৰিছে। চালকজনে মদ্যপ অৱস্থাত গাড়ী চলাই আছিল নেকি সেয়া স্বাস্থ্য পৰীক্ষাৰ পিছত জনা যাব।

Leave A Reply