Breaking

মুম্বাইৰ বান্দ্ৰা ৰেল ষ্টেচনৰ লিফ্টত আৱদ্ধ হৈ পৰে  ২০ জনকৈ যাত্ৰী…

0 64

বুধবাৰে মুম্বাইৰ বান্দ্ৰা ৰেল ষ্টেচনৰ লিফ্টত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতি। ষ্টেশ্যনটোৰ যাত্ৰী কঢ়িওৱা লিফ্ট বিকল হৈ আৱদ্ধ হৈ পৰে  ২০ জনকৈ যাত্ৰী। যান্ত্ৰিক সমস্যাৰ বাবে মাজ বাটত আবদ্ধ হৈ পৰে লিফ্ট। আধাঘন্টা ধৰি লিফ্টৰ ভিতৰতে আৱদ্ধ হৈ থাকে যাত্ৰীসকল। শেষত ৰে’ল আৰক্ষীৰ প্ৰচেষ্টাত যাত্ৰীসকলক উদ্ধাৰ কৰা হয়।

মুম্বাই জি আৰ পিৰ তথ্য অনুসৰি এজন আৰক্ষী কনিষ্টবলৰ দ্বাৰা যাত্ৰীসকলক লিফ্টৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যাত্ৰী সকলক উদ্ধাৰ কৰা কনিষ্ঠবলগৰাকীৰ নাম শ্বাহীন পাঠান। লিফ্টখন মাজত আবদ্ধ হৈ পৰাৰ খবৰ পাই পাঠানে খৰধৰকৈ সেই স্থানলৈ গৈ এজন ইলেক্ট্ৰিচিয়ান আৰু ষ্টেশ্যন মাষ্টৰৰ সহায়ত লিফ্টত আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰে।

লিফ্ট দুৰ্যোগৰ খবৰ পাই ৰে’ল আৰক্ষী বিষয়া আৰু বৈদ্যুতিক বিশেষজ্ঞৰ এটা দলো বান্দ্ৰা ষ্টেচনত উপস্থিত হয়।

অনুমান কৰা হৈছে যে যদি জি আৰ পি কনিষ্টবলজন সময়মতে উপস্থিত নহ’লহেঁতেন তেন্তে বৃহৎ বিপদৰ সৃষ্টি হ’লহেঁতেন৷ লিফ্টখন কেনেকৈ মাজত আবদ্ধ হৈ পৰিল, যাত্ৰীসকলৰ কঢ়িয়াব পৰা ক্ষমতাতকৈ অধিক লিফ্টত উঠিল নে নাই, তাৰ তদন্ত চলি আছে। অৱশ্যে এই ঘটনাত কোনো যাত্ৰী আহত হোৱা নাই বুলি মুম্বাই ৰেলৱে আৰক্ষীয়ে জানিবলৈ দিয়ে।

Leave A Reply