Breaking

শ্মশানত মৃতদেহ দাহ কৰিবলৈ আহি মৃত্যু ২৫জনৰ

0 2,073

দেওবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ মুৰাদনগৰৰ এখন শ্মশানৰ মূধচ খহি পৰাত মৃত্যুৰ মুখত পৰে ২৫জন লোক। লগতে ১৫জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে । স্থানীয় চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা বিষয়া অনুৰাগ ভাৰ্গৱে সংবাদ মাধ্যমক জনোৱা মতে, আহত সকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে।

দেওবাৰে ১০.৩০ বজাত শ্মশানখনত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াত ১০০ৰো অধিক লোকৰ সমাগম হৈছিল। প্ৰবল বৰষুণ দিয়াৰ বাবে সমবেত লোকসকল এখন মূধচৰ তলত গোট খাইছিল। তেতিয়াই প্ৰৱল বৃষ্টিপাত সহিব নোৱাৰি মূধচখন খহি পৰে।

উল্লেখযোগ্য যে নগৰ নিগমে মাথোঁ কেইমাহমানৰ আগতে এই মূধচখন নিৰ্মাণ কৰি দিছিল। স্থানীয় লোকৰ মতে, নিম্নমানৰ সামগ্ৰীৰে মূধচখন নির্মাণ কৰা হৈছে যাৰ কাৰণে বৰষুণ সহিব নোৱাৰি খহি পৰিল।


আনহাতে NDRFৰ শীৰ্ষ বিষয়াই জনোৱা মতে, ১ বজাত তেওঁলোকৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু ৬ বজালৈ উদ্ধাৰ অভিযান চলি থাকে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে নগৰ নিগমৰ অধিকাৰীৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰিছে।

Leave A Reply