Breaking

জম্মু-কাশ্মীৰৰ বিলাৱাৰত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত কমেও ৫ জন লোক নিহত…

0 49

জম্মু-কাশ্মীৰৰ বিলাৱাৰত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত কমেও ৫ জন লোক নিহত হোৱাৰ লগতে ১৫ জন গুৰুতৰভাৱে আহত হয়। শুকুৰবাৰে বিলাৱাৰৰ ধনু পেৰ’ল গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা।

আৰক্ষীৰ মতে, কৌগৰ পৰা ডান্নু পেৰ’ললৈ ৰাইজক কঢ়িয়াই অনা বাহনখন ছিলাত তললৈ গুৰি হৈ গভীৰ গৰ্জত পৰি দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত প্ৰথমে চাৰিজন লোকৰ মৃত্যু হয় আৰু পিছত পঞ্চমজন ব্যক্তিয়ে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়।

নিহত লোক দুজন হৈছে বান্টু, হান্স ৰাজ, অজিত সিং, আমৰু, আৰু কাকু ৰাম।

ইফালে, আহত ১৫ জন লোকক বিলাৱেৰৰ উপ জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে। এই সন্দৰ্ভত বিলাৱাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave A Reply