Breaking

নিশা পদূলিয়ে পদূলিয়ে কঁকাল ঘূৰাই ঘূৰাই নাচনী হৈ নাচিছে যুৱকে

0 123

মধ্য অসমৰ প্ৰায়ে জিলাত নিশা পদূলিয়ে পদূলিয়ে কঁকাল ঘূৰাই ঘূৰাই নাচনী হৈ নাচিছে এই সকল যুৱকে ।এইয়া অসমীয়াৰ বাপুতিসাহোন ৰঙালী বিহু ।ঢোল পেপাৰ শব্দত ৰজনজনাইছে আকাশ -বতাহ । কিন্তু আগৰ যেন সেই পৰিৱেশ নাই । ঘৰে ঘৰে ঢুলীয়া নাচনী গৈ হুঁচৰি পৰিবেশন কৰা সেই দিনবোৰ যেন আধুনিকতাৰ মাজত ক্ৰমাৎ কৰবাত হেৰাই গৈছে । এতিয়া বিহু কেৱল মঞ্চত । কিন্ত মৰিগাঁও জিলাৰ গৰমাৰী গাওঁৰ এই সকল যুৱকৰ প্ৰয়াস সেই পাহৰণিৰ দিনবোৰ উভতাই অনাৰ ।

এনেদৰে গাওঁৰ পৰা আহি চহৰত বিহু পৰিবেশন কৰিছে এই সকল যুৱকে ।কিন্তু নাচনীৰ অভাৱ । সেয়েহে যুৱক নাচনীয়ে এনেদৰে বিহুৰ তালে তালে কঁকাল ঘূৰাই নাচিছে । উদেশ্য এটাই অসমীয়াৰ বাপুতিসাহোন বিহুটি জীয়াই ৰখাৰ ।আনহাতে আজিৰে পৰা উক্ত জিলাকেইখনৰ প্ৰায়ে গাৱঁত চলিব পৰম্পৰাগত গোসাঁই উলিওৱা উৎসৱ বা মেলা। এতিয়া উক্ত অঞ্চলৰ ৰাইজ সাজু হৈ পৰিছে মেলাৰ বাবে।

Leave A Reply