Breaking

নৱবৰ্ষৰ আৰম্ভণিতে ৭৫ কোটি টকীয়া বাংলোৰ গৰাকী হ’ল অভিনেতা জন আব্ৰাহাম…

0 43

বলীউডৰ অভিনেতা জন আব্ৰাহামৰ বলিষ্ঠ অভিনয় আৰু ফিটনেছৰ বাবে প্ৰায়ে শিৰোনামত থাকে। কিন্তু এইবাৰ অভিনয় বা ফিটনেছৰ বাবে নহয় এটা ভাল খবৰৰ বাবেই লাইমলাইটলৈ আহিছে অভিনেতাগৰাকী। মুম্বাইৰ এটা আড়ম্বৰপূৰ্ণ অঞ্চলত জন আব্ৰাহামে নতুন বাংলো ক্ৰয় কৰিছে। খবৰ অনুসৰি জন আব্ৰাহামৰ নতুন বাংলোৰ দাম ৭৫ কোটি টকা। মুম্বাইৰ খাৰ অঞ্চলৰ লিংকিং ৰোডত নিৰ্মল ভৱন নামৰ বাংলো ক্ৰয় কৰিছে জন আব্ৰাহাম প্ৰপাৰ্টিজে। জন আব্ৰাহামৰ নতুন বাংলোটো গ্ৰাউণ্ড প্লাছ ৭,৭৭২ বৰ্গফুটত বিস্তৃত দুমহলীয়া। জন আব্ৰাহামে এই সম্পত্তি প্ৰবীণ নাথলাল শ্বাহ আৰু পৰিয়ালৰ পৰা ৭০.৮ কোটি টকাত ক্ৰয় কৰিছে। খবৰ অনুসৰি জন ২৭ ডিচেম্বৰত বাংলোটোৰ পঞ্জীয়ন কৰিছিল। একে সময়তে বাংলোটোৰ পঞ্জীয়ন ষ্টাম্প ড্যুটিৰ বাবেও ৪.২৫ কোটি টকা ব্যয় কৰা হৈছে।

লিংকিং ৰোডৰ এই অঞ্চলত বহু ডাঙৰ ব্যৱসায়ীয়ে বাস কৰে আৰু ইয়াৰ সম্পত্তিৰ দাম বহুত। প্ৰীতি জিন্তাৰ পৰা আৰম্ভ কৰি ছলমান খানলৈকে এই অঞ্চলত সম্পত্তিও আছে। অৱশ্যে লিকিং ৰোডৰ এই বাংলোটোৰ সৈতে জন আব্ৰাহামে কি কৰিবলৈ ওলাইছে সেই সন্দৰ্ভত কোনো সবিশেষ প্ৰকাশ কৰা হোৱা নাই। জন আব্ৰাহাম সেই বলীউডৰ ব্যক্তিত্বৰ ভিতৰত এজন যিয়ে ৰিয়েল এষ্টেটত বিপুল পৰিমাণৰ বিনিয়োগ কৰিছে। ২০০৯ চনত অভিনেতাজনে ইউনিয়ন পাৰ্কৰ ওচৰত এটা প্লট ক্ৰয় কৰিছিল।

Leave A Reply