Breaking

বৰভাগস্থিত চিল্ড্ৰেন গাইড একাডেমিত “ মৰুভূমিত এমুঠি জোনাক ” নাট মঞ্চস্থ…

0 99

নলবাৰী জিলাৰ বৰভাগস্থিত চিল্ড্ৰেন গাইড একাডেমিত চলি থকা বাৰ্ষিক অধিৱেশনত ছাত্ৰ-ছাত্ৰীসকলক অভিনয়ৰ দিশত আগুৱাই নিয়াৰ উদ্দেশ্যেৰে যোৱা ৫ নৱেম্বৰ তাৰিখ শনিবাৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দ্বাৰা যুৱ নাট্যকাৰ আজিজুৰ ৰহমানৰ ৰচনা আৰু পৰিচালনাৰে “ মৰুভূমিত এমুঠি জোনাক ” শীৰ্ষক নাটখন সফলভাৱে মঞ্চাভিনয় কৰা হয় ৷

প্ৰায় সাত শতাধিক অভিভাৱক-অভিভাৱিকা আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত মঞ্চস্থ হোৱা নাটখনক দৰ্শকে বহুলভাৱে আঁকোৱালি লোৱাৰ লগতে ভূয়সী প্ৰশংসা কৰে ৷ ডি এছ পিৰ চৰিত্ৰত মুখ্য অভিনয় কৰা ৰিচা তালুকদাৰ আৰু খলনায়কৰ চৰিত্ৰত অভিনয় কৰা পাৰ্থপ্ৰতিম কলিতাৰ অনবদ্য অভিনয়ে সকলো দৰ্শককে মোহাচ্ছন্ন কৰি তোলাৰ লগে উৎপল শৰ্মা, কৈলাশ গোস্বামী, সৃষ্টি শ্ৰেয়া কলিতা, ৰিবৰিব নাজ, যুৱৰাজ ভৰদ্বাজ, পৰশপ্ৰান্তৰ গোস্বামী, সমীৰ চৌধুৰী, কৃষ্ণাভজ্যোতি ভৰদ্বাজ আৰু ৰাজদ্বীপ কলিতাৰ সাৱলীল অভিনয়ে দৰ্শকক আপ্লুত কৰি তোলে ৷

গীত-মাতেৰে ভৰা নাটখনৰ নৃত্যশিল্পী ড্ৰেচিনা গগৈ,পংকী কলিতা,বনস্মিতা ডেকা,জুস্মিতা কলিতা,অভিলেশা কাশ্যপ,আস্থাজিতা গোস্বামী,জোনাইদ আহমেদ,নিচান ডেকা আৰু বিতোপন ঠাকুৰীয়াৰ সুন্দৰ নৃত্যই দৰ্শকক আমোদ দিয়ে । নাটখনৰ সামগ্ৰিক পৰিকল্পনা উৎপল শৰ্মা, নৃত্য পৰিচালনা ড্ৰেচিনা গগৈ, কলা ৰাজীৱ আহমেদ,পোহৰ অৰূপ কলিতা আৰু সংগীত গৌতম শৰ্মাৰ ৷


Leave A Reply