Breaking

সফলতাৰ উচ্চ শিখৰত ৰেনু মহন্ত, নিজে সংস্থাপিত হোৱাৰ উপৰিও আন ত্ৰিশ গৰাকী মহিলাক দিছে সংস্থাপনৰ বাট।কুঁহি টি বাৰৰ জৰিয়তে সফলতা লাভ কৰা ৰেনু মহন্তই আজিৰে পৰা আৰম্ভ কৰিলে কুঁহি ল’জ…

0 62

কুঁহি টি বাৰৰ জৰিয়তে সফলতা লাভ কৰা ৰেনু মহন্তই আজিৰে পৰা আৰম্ভ কৰিলে কুঁহি ল’জ। নগাঁও জিলাৰ চামগুৰিৰ এগৰাকী সফল উদ্যোগী আৰু উদ্যমী মহিলাৰ নাম ৰেনু মহন্ত। যিটো সময়ত ভয়াবহ নিবনুৱা সমস্যাৰ কবলত পৰি একাংশ শিক্ষিত নিবনুৱা যুৱক যুৱতী কিংকৰ্তব্যবিমূঢ় সেই সময়ত স্বাৱলম্বিতাৰে কৰ্মসংস্থাপনৰ পথ দেখুৱাইছে মহিলা গৰাকীয়ে৷ এটা চৰকাৰী চাকৰিৰে কৰ্মসংস্থাপনৰ শেষ আশাত যুৱ প্ৰজন্মই যি সময়ত জীৱনৰ আধা বয়স পাৰ কৰিছে ,সেই সময়ত নিবনুৱা সকলৰ বাবে আদৰ্শৰ প্ৰতীক হিছাপে চিহ্নিত হৈছে চামগুৰিৰ ৰেনু মহন্ত নাম অত্যুৎসাহী মহিলা গৰাকী। নিজে এগৰাকী স্নাতক ডিগ্ৰীধাৰী মহিলা হোৱাৰ পিছতো কোনো ধৰণৰ চৰকাৰী কৰ্মসংস্থাপনলৈ আশা নকৰি ঘৰতে ২০১১ চনত স্থাপন কৰিছিল এটা খাদ্য প্ৰস্তুতকৰণ কাৰখানা । প্ৰথম অৱস্থাত জাম ,জেলি,আঁচাৰ প্ৰস্তুতকৰণেৰে ব্যৱসায় আৰম্ভ কৰা ৰেণু মহন্ত এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চিনাকী নাম হিছাপে পৰিচিত হৈছে।পোন প্ৰথমতে বাৰশ টকাৰে এটা প্ৰয়োজনীয় মেচিন কিনাৰ লগতে হাতত দুশ টকা মূলধন লৈ নিজকে সংস্থাপিত কৰিব পাৰিম বুলি দৃঢ় সংকল্প লোৱা ৰেনু মহন্ত ক্ৰমান্বয়ে আগবাঢ়ি গ’ল।

স্বামী অঞ্জণজ্যোতি মহন্তকে ধৰি মাতৃ আৰু পৰিয়ালৰ সকলো সদস্যৰ যৌথ প্ৰচেষ্টাত আগবাঢ়িল ৰেনু মহন্ত।বিশেষকৈ এজন পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী মহিলা বা পত্নী থাকে বুলি কোৱা হয় যদিও ৰেনু মহন্ত তাৰ বিপৰীত।তেওঁৰ এই সফলতাৰ আঁৰত পৰিয়ালৰ লগতে তেওঁৰ স্বামী অঞ্জণজ্যোতি মহন্ত উল্লেখযোগ্য।সকলো সময়তে সফলতাৰ সমভাগী হোৱা স্বামী আৰু পৰিয়ালৰ সদস্যৰ সহযোগত ২০১৯ চনত ৰেনু মহন্তই তেওঁ চামগুৰিৰ ঘৰৰ সন্মুখত স্থাপন কৰিলে কুঁহি টি বাৰ নামৰ এখন ৰেষ্টুৰেন্ট। বিশেষকৈ অতি সু স্বাদু চাহৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী পোৱা ৰেষ্টুৰেন্ট খন অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিল।ৰেষ্টুৰেন্টলৈ অহা প্ৰতিজন গ্ৰাহকক সুন্দৰ ব্যৱহাৰ কৰা আৰু খাদ্যৰ মাণদণ্ড অতি উন্নত হোৱাৰ বাবে বিদেশতো জনপ্ৰিয় হৈ পৰিল কুঁহি টি বাৰ।ফান্স,জাৰ্মানী,চুইজাৰলেণ্ড,নাইজেৰিয়াৰ পৰা অহা পৰ্য্যটকৰ মুখত মাজে মাজে শুনা গ’ল কুহি টি বাৰৰ জয়গান। এইয়া এগৰাকী অসমীয়া মহিলাৰ সফল যাত্ৰাৰ এক সুকীয়া পৰিচয়।বৰ্তমান সময়ত চাহৰ উপৰিও ভাত ,পৰঠা, পুৰি সবজীৰ উপৰিও  সু স্বাদু মিঠাই এই কুঁহি টি বাৰৰ পৰিচয়। ইফালে ৰেষ্টুৰেন্ট ব্যৱসায়ৰ উপৰিও কুঁহি টি বাৰত বিক্ৰী হয় পঞ্চাশ বিধ চাহপাত ২৫ বিধ আচাৰকে ধৰি পিঠা ,লাৰু,অসমীয়া জলপান। ইফালে কুঁহি টি বাৰৰ এক আকৰ্ষণীয় খাদ্য হ’ল তিলৰ ৰঙা পিঠা।এই তিল পিঠা অকল যে বিহুৰ সময়ত উপলব্দ এনে নহয় এই পিঠা সকলো সময়তে উপলব্ধ। এই পিঠাৰ জনপ্ৰিয়তা ইমানেই বেছি যে বিভিন্ন সময়ত খাদ্য খাবলৈ অহা বিদেশী পৰ্য্যটকে এই পিঠা কেনেকৈ তৈয়াৰ কৰে তাৰ প্ৰশিক্ষণ লৈ অসমৰ মহিলাই প্ৰস্তুত কৰা তিল পিঠা বনোৱা পদ্ধতি দেশৰ বাহিৰলৈ কঢ়িয়াই লৈ গৈছে।বৰ্তমান সময়ত ৰেনু মহন্তই নিজে সংস্থাপিত হোৱাৰ উপৰিও আন ত্ৰিশ গৰাকী মহিলাক সংস্থাপিত কৰিছে।বহু কেইগৰাকী মহিলাই ৰেনু মহন্তৰ লগত যদি কুঁহি টি বাৰত কাম কৰিছে আন সকলে আকৌ নিজৰ ঘৰতে সামগ্ৰী প্ৰস্তুত কৰি যোগান ধৰিছে।ইয়াৰ উপৰি কেইবাজনো যুৱক পৰোক্ষ আৰু পত্যক্ষভাৱে কুঁহি টি বাৰত সংস্থাপিত হৈছে।

এনেদৰে সফলতাৰ ধ্বজা উৰুৱাই ৰেনু মহন্তই এইবাৰ আৰম্ভ কৰিলে কুঁহি ল’জ। অতি কম মূল্যত থকা খোৱাৰ সুন্দৰ সুবিধা লাভ কৰিব পৰা এই ল’জৰ আজি শুভ উদ্বোধন কৰে অসম ৰাজ্যিক জীৱিকা অভিযান মিচনৰ মিচন সঞ্চালিকা মচন্দা পাৰ্টিনে। কুঁহি টি বাৰত আহি উপস্থিত হোৱা মিচন সঞ্চালিকা গৰাকীয়ে নিজে ফিটা কাটি শুভ উদ্বোধন কৰা ল’জত সকলো সুবিধা উপলব্ধ বুলি উল্লেখ কৰে ৰেনু মহন্তই। ইফালে এগৰাকী উদ্যমী মহিলাই  সফলতাৰ উচ্চ শিখৰত উপনীত হোৱাৰ ক্ষেত্ৰত মিচন সঞ্চালিকা গৰাকীয়ে কৰিব লগা সকলো সহায় কৰি যাব বুলি উল্লেখ কৰে। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত নগাঁও জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া অনন্ত গগৈ আৰু কেইবাজনো বিভাগীয় বিষয় ববীয়া উপস্থিত থাকে।

Leave A Reply