Breaking

নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত ঘূণাসঁতি হাইস্কুলত কেইবাটাও কাৰ্যসূচী…

0 85

১৪ ছেপ্টেম্বৰত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত ঘূণাসঁতি হাইস্কুলত কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়৷ বিদ্যালয়খনৰ শিক্ষকসকলৰ সহযোগত নৰ্থ লখিমপুৰ কলেজৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ঘূণাসঁতিৰ মিচিং জনগোষ্ঠীয় লোকসংস্কৃতি সম্পৰ্কে ক্ষেত্ৰ অধ্যয়ন কৰে ৷ এই অধ্যয়নত ঐতিহ্যপূৰ্ণ অঞ্চলটোৰ লোকসংস্কৃতিৰ পৰম্পৰা আৰু পৰিৱৰ্তন সম্পৰ্কে তথ্য আহৰণ কৰা হয়৷

অসমীয়া বিভাগৰ গৱেষকসকলৰ পৰিচালনাত ঘূণাসুঁতি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক্ৰমে কুইজ, ৰচনা লিখা আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ এই প্ৰতিযোগিতা সমূহত পুৰস্কাৰ লাভ কৰা প্ৰতিটো শ্ৰেণীৰ তিনিগৰাকীকৈ ছাত্ৰ-ছাত্ৰীক প্ৰমাণ পত্ৰ আৰু গ্ৰন্থৰে মহাবিদ্যালয়ৰ তৰফৰ পৰা পুৰস্কৃত কৰা হয়৷ মহাবিদ্যালয়খনৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ অংশ হিচাৰে নতুন প্ৰজন্মৰ মাজত অধ্যয়ন-অভ্যাস বৃদ্ধি কৰিবৰ বাবে এনে পৰিকল্পনা কাৰ্যকৰী কৰা হৈছে৷ ঘূণাসুঁতি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ‘কিতাপ আৰু আলাপ’ শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰে মহাবিদ্যালয়ৰ অধ্যাপক ড॰ ধনৰঞ্জন কলিতা আৰু ড॰ ধীৰাজ পাটৰে৷ এই অনুষ্ঠানতে ২২ খন গ্ৰন্থৰ এটি টোপোলা হাইস্কুলৰ পুথিভঁৰাললৈ আগবঢ়োৱা হয়৷ উল্লেখযোগ্য যে, ঘূণাসুঁতি হাইস্কুলত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগে ২০১৫ চনতে এটি ক্ষুদ্ৰ পুথিভঁৰাল প্ৰতিষ্ঠা কৰিছিল৷ পৰৱৰ্তী সময়ত সেই পুথিভঁৰাললৈ অধিক গ্ৰন্থ প্ৰেৰণ কৰি ছাত্ৰ-ছাত্ৰীৰ পঠন অভ্যাস বৃদ্ধিৰ বাবে কিছু পদক্ষেপ লৈছে৷ বৰ্তমানলৈ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উক্ত পুথিভঁৰালৰ গ্ৰন্থ অধ্যয়ন কৰি উপকৃত হৈছে৷ কালি নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই পুথিভঁৰালটোলৈ এটি আলমিৰা আগবঢ়ায়৷ ঘূণাসঁতি হাইস্কুলৰ শিক্ষক আৰু অভিভাৱকসকলে মহাবিদ্যালয়খনৰ এই বদান্যতাৰ শলাগ লয়৷


বিয়লি ঘূণাসুঁতি হাইস্কুলৰ প্ৰধান শিক্ষক থানুকৃষ্ণ ফুকনৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৰগীত আৰু ঐনিতম পৰিৱেশনেৰে আৰম্ভ হোৱা এই সভাত স্থানীয় সমল ব্যক্তি চন্দন টাইদ আৰু লীলা গগৈয়ে ঘূণাসুঁতি অঞ্চলৰ সাংস্কৃতিক ঐতিহ্য সম্পৰ্কে বক্তৃতা প্ৰদান কৰে৷ সভাত আদৰণি ভাষণ প্ৰদান কৰে অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাই৷

Leave A Reply