Breaking

স্থায়ী চিকিৎসক নিযুক্তিৰ দাবীত আটছাৰ ধৰ্ণা কাৰ্যসূচী…

0 50

[5:23 PM, 6/23/2023] Dimpul Chutia: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজি এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ বৰপথাৰ আৰু সৰুপথাৰ শাখাই বহুকেইটা গুৰুত্বপূৰ্ণ দাবীত বৰপথাৰ মৌজাৰ পাভজান চাহ বাগিছাত এই কাৰ্যসূচী গ্ৰহণ কৰে। আটছাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান ক্ৰমে বিভিন্ন সমস্যা সমাধানৰ দাবীত ধাৰাবাহিক ভাৱে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বৰপথাৰৰ পাভজান চাহ বাগিছাত গ্ৰহণ কৰা ধৰ্ণা কাৰ্যসূচীত আটছাৰ বৰপথাৰ আৰু সৰুপথাৰ শাখাৰ বিষববীয়া, পাভজান, দীঘলী হোলা আৰু ভগৱান বাগিচা উপ শাখাৰ আটছা কৰ্মী আৰু পাভজান বাগিছাৰ চাহ শ্ৰমিক সকলৰ সহযোগত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। পাভজান চাহ বাগিছাৰ কাৰ্যালয়ৰ সন্মুখত পুৱাই গ্ৰহণ কৰা ধৰ্ণা কাৰ্যসূচী অনুসৰি পাভজান চাহ বাগিছাত স্থায়ী চিকিৎসক নিযুক্তিৰ লগতে অতিকে নিম্ন মানদণ্ডৰ চিকিৎসালয় খনৰ চিকিৎসা সেৱা উন্নত কৰা, চাহ শ্ৰমিক সকলৰ চিকিৎসাৰ সুবিধাৰ্থে এখন এম্বুলেঞ্চৰ ব্যৱস্থা কৰা, দীৰ্ঘ বছৰ ধৰি চাহ বাগিছাৰ ভূমিত বসবাস কৰি অহা চাহ শ্ৰমিক সকলক ভূমি আবন্টন দি ম্যাদী পট্টাকৰণ কৰা, আৰু চাহ শ্ৰমিক সকলক প্ৰাৰ্থমিক সা-সুবিধাৰ লগতে অন্যান্য সমস্যা সমূহ সমাধান কৰাৰ বাবে দাবী জনায়। লগতে চৰকাৰৰ ওপৰতো তীব্ৰ ক্ষোভ উজাৰে আটছা কৰ্মীসকলে। চৰকাৰে চাহ জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ বাবে আজিলৈকে পিঠি দি থাকিল বুলিয়ে গুৰুতৰ অভিযোগ উত্থাপিত কৰে। ইপিনে পাভজান চাহ বাগিছা কৰ্তৃপক্ষৰ ওপৰতো বহুকেইটা অভিযোগ উত্থাপিত কৰে।

বাৰিষাৰ সময়ত মহ, ডাহঁ, মাখি, সাপ আদিৰ পৰা ৰক্ষা পাবলৈ বাগিছা কৰ্তৃপক্ষই চাহ শ্ৰমিক সকলক প্ৰদান কৰিব লগা কীটনাশক দ্ৰব্যৰ যোগান কেইবছৰ মানৰ পৰা বন্ধ কৰি ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে অসমৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশত কঠোৰ পৰিশ্ৰমেৰে চাহ বাগিছা সমূহ গঢ় দি অসমক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়া চাহ জনগোষ্ঠীৰ লোকসকল আজিও শিক্ষা, স্বাস্থ্য, আৰ্থিক, সামাজিক আদি বহু দিশত পিছপৰি ৰৈছে। চাহ জনগোষ্ঠীটোৰ সমস্যা সমূহক চৰকাৰ তথা বাগিছা কৰ্তৃপক্ষই সদিচ্ছাৰে নোলোৱাৰ বাবেই আজিকোপতি সমস্যা সমূহৰ বাট মুকলি নহ’ল। যাৰ পৰিপ্ৰেক্ষিততেই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছে বুলি আটছাৰ বৰপথাৰ আৰু সৰুপথাৰ শাখাৰ বিষববীয়াই জানিবলৈ দিয়ে। আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ অন্তত আটছাৰ বৰপথাৰ শাখাৰ সভাপতি ৰবীন মহুৱা, সম্পাদক মনোজ মহানন্দ আৰু সৰুপথাৰ শাখাৰ সম্পাদক উমেশ ঘাটোৱাৰ স্বাক্ষৰ সম্বলিত এখন চাৰিদফীয়া স্মাৰক পত্ৰ পাভজান চাহ বাগিছাৰ পৰিচালকক প্ৰদান কৰে। ইপিনে সংগঠনটোৰ দাবী সমূহ শীঘ্ৰেই সমাধানৰ বাবে কায্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।


Leave A Reply