Breaking

প্ৰশাসনৰ নীতি নিৰ্দেশনা উলংঘা কৰি প্ৰাৰ্থী বিজয়ত ভোজ ভাত ,টীয়কত সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক হত্যাৰ চেষ্টা

0 2,067

সমগ্ৰ দেশ তথা ৰাজ্যতে মহামাৰী ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাত ৰাজ্য চৰকাৰে নীতি নিৰ্দেশনা বান্ধি দিছে যদিও একাংশ অসচেতন ব্যক্তিয়ে জলাঞ্জলি দিয়াৰ দেখিবলৈ পোৱা গৈছে।উল্লেখ যে টীয়ক সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ বিজয়ত কালি নিশা বিজেপিৰ একাংশই ভোজ ভাতৰ আয়োজন কৰিছিল টীয়কৰ পূব দুলীয়াৰ বিজেপি এগৰাকী ৱাৰ্ড সদস্যৰ চৌহদত। নিশা ৬ বজাৰ পৰা নৈশ সান্ধ্য আইন বলবৎ কৰাৰ পাছতো এই ভোজভাত আয়োজনৰ কথা আৰক্ষীয়ে খৱৰ পাই ঘটনাস্থলীত উপস্থিত হোৱাত সকলো পলাই পটং দিয়ে । কেৱল ভোজভাত আয়োজন কৰা পৰিয়ালৰ সদস্য সকলহে উপস্থিত থাকে । ইয়াৰ পাছতে ঘটনাস্থলীৰ পৰা আৰক্ষী গুছি অহাৰ পাছত একাংশ লোক পুনৰ সমবেত হয় সেই স্থানত ।এই ঘটনাৰ বিষয়ে প্ৰচাৰ হোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হোৱা প্ৰকাশ লাইভৰ কাকজানৰ সংবাদদাতা দেৱজিৎ বৰাক  বিজয়ত আত্মহাৰা দলটোৱে শাৰিৰীক ভাৱে আক্ৰমণ কৰাৰ উপৰি তেওঁৰ পৰিচয় পত্ৰ,চেনেলৰ ল’গ , মবাইল ফোন আদি কাঢ়ি লৈ এখন ওকা কাগজত চহী কৰাই লয় । অৱশ্যে ঘটনাস্থলীত উপস্থিত হোৱা কোনোবা এজনৰ সুমতি ওপজাত কাঢ়ি থোৱা সামগ্ৰী খিনি পথত আহি সংবাদদাতাজনক দি থৈ যায় । ইপিনে নিশাই সংবাদদাতাজনে আৰক্ষীক ঘটনা সন্দৰ্ভত লিখিত এজাহাৰ দাখিল কৰে । অৱশ্যে ঘটনা স্থলীত উপস্থিত থকা বিজেপিৰ এজন বিয়াগোম নেতাই টীয়ক আৰক্ষীক এজাহাৰ দি একো লাভ নহয় ,আৰক্ষী আমাৰ হাতৰ মুঠিত বুলি দম্ভালি মৰাৰ পাছত সংবাদ দাতাজনৰ অভিযোগ আৰক্ষীয়ে কেনেদৰে বিবেচনা কৰে সেয়াহে   লক্ষণীয় বিষয় হ’ব । ইফালে সংবাদকৰ্মী আক্ৰমনক দুষীয়ে যাতে উচিত শাস্তি পাই টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই এক স্মাৰক পত্ৰ টীয়ক আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া লৈ প্ৰেৰণ কৰে । 

Leave A Reply