Breaking

দুবছৰত ৬ বিঘা মাটিত বনাঞ্চল সৃষ্টিৰ প্ৰয়াস : যাদৱ পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত ঢকুৱাখনাৰ যুৱক মনদ্বীপ।

0 150

ঢকুৱাখনা পৰা ৰাজীৱ বৰুৱা

ৰাজ্যৰ বিভিন্ন ঠাইত এচাম মানুহে প্ৰাকৃতিক জৈৱ-বৈচিত্ৰ্য বিনষ্ট কৰি বনাঞ্চল ধ্বংসৰ কাৰ্য  অব্যাহত ৰখাৰ লগতে শেহতীয়াকৈ দিহিং পাটকাই বনাঞ্চলৰ সমীপত চৰকাৰে কয়লা খননৰ অনুমতি দি আওপকীয়াকৈ বনাঞ্চল ধ্বংসৰ লগতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিবলৈ লোৱাত যি সময়ত ৰাজ্যজুৰি প্ৰকৃতি প্ৰেমী দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।সেই সময়তেই নিৰৱে প্ৰকৃতি সুৰক্ষাৰ কামত জড়িত হৈ থকা ঢকুৱাখনাৰ এজন যুৱক মনদ্বীপ গোস্বামীয়ে সমাজৰ বহুজনলৈ এক শুভ বাৰ্তা কঢ়িয়াই আনিছে। ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ বাসিন্দা মনদ্বীপ গোস্বামীয়ে অকলেই কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে ভৰালভেটি নামৰ  এটা চাপৰিত ৬ বিঘাকৈ মাটিত-গমাৰি,পৌজা,নিম,চেগুন গছৰ ৬ হেজাৰৰো অধিক পুলি ৰোপন কৰি এখন ক্ষুদ্ৰ বনাঞ্চল গঢ়ি তুলাৰ প্ৰয়াস কৰিছে যোৱা দুটা বছৰ ধৰি।এই প্ৰয়াসত যথেষ্ট সফল হৈছে যুৱকজন।২০১৮ বৰ্ষৰ জুন,জুলাই মাহতে মনদ্বীপে তেওঁৰ নিজৰ পৈতিক ভুমিৰ ৬ বিঘা মাটিত হাৰমতিৰ এখন ফাৰ্মৰ পৰা আনি এই ৬ হেজাৰৰো অধিক গছ পুলি ৰোপন কৰিছিলহি।এইবছৰ লক ডাউনৰ সময়ত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰদূষণৰ পৰিমাণ কমি যোৱাৰ লগতে যুৱকজনৰ আদৰ যত্নত দুবছৰীয়া গছবোৰ লহপঢ়কৈ বাঢ়িছে এতিয়া দৃষ্টিনন্দন ৰূপত সেউজীয়া হৈ।যি সময়ত মানৱজাতিয়ে বনাঞ্চল ধবংস কৰি প্ৰাকৃতিক সম্পদ সমূহ এফালৰ পৰা নিঃশেষ কৰি আহিছে তেনে সময়তে এইজন উদ্যমী যুৱকে অৰণ্য মানৱ যাদৱ পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজৰ প্ৰচেষ্টাত গঢ়ি তুলা এই ৬ বিঘা মাটিৰ ক্ষুদ্ৰ বনাঞ্চলখন বহুতৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।উল্লেখ্য যে এইখন বনাঞ্চলে আৰু দুই/তিনি বছৰৰ ভিতৰত মৰনৈ বেবেজীয়া অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশক এক অন্য মাত্ৰ প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে প্ৰকৃতি প্ৰেমী যুৱক মনদ্বীপ গোস্বামীয়ে।তদুপৰি মনদ্বীপে আজি “সংবাদ মাধ্যম”ৰ জড়িয়তে ঢকুৱাখনাৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলে আৰু ঢকুৱাখনা মহকুমা প্ৰশাসনৰ প্ৰতি আহ্বান জনাই কয় যে -ঢকুৱাখনা নগৰৰ পৰা ঐতিহাসিক বাসুদেৱথান লৈকে নিৰ্মীয়মান পথটোৰ দুয়ো কাষে সৌন্দৰ্য্য বৰ্দ্ধক গছ-গছনি ৰোপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।লগতে ভীমপৰা চিগাৰ পৰা নাওঁজান পৰ্যন্ত বাসুদেৱথানক সামৰি সমগ্ৰ এলেকাটোক সেউজ কৰিডৰূপে গঢ়ি তুলিবলৈ আঁচনি ল’ব লাগে।এই কামত তেওঁ পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও অৱগত কৰে।

Leave A Reply