ওদালগুৰি জিলাৰ অন্তৰ্গত একমাত্ৰ চিনেমা হল টংলাৰ চায়া চিনেমা হল। বৰ্তমান চিনেমা হলত ‘শ্ৰী ৰঘুপতি’ দিনত চাৰিটাকৈ দৰ্শন চলি আছে।
ছবিখনৰ প্ৰতি বৰ্তমান ছবিগৃহত দৰ্শকে যথেষ্ট আশাপ্ৰদ সঁহাৰি আগবঢ়াইছে।
মূলতঃ মনোৰঞ্জনধৰ্মী যদিও এখন পৰিয়ালৰ সকলোৱে চাব পৰা ছবি হৈছে শ্ৰী ৰঘুপতি বুলি দৰ্শনাৰ্থীয়ে মনোভাব প্ৰকাশ কৰে।
বৰ্তমান অসমৰ বিভিন্ন ছবিগৃহৰ লগতে ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাস্থিত চায়া চিনেমা হলত চলি আছে শ্ৰী ৰঘুপতি।
অভিনয়ৰ ক্ষেত্ৰত আৰম্ভণিতেই ছবিৰ তাৰকা, ৰবি শৰ্মাৰ পৰিপক্ব, অনবদ্য অভিনয়ৰ কথা এতিয়া দৰ্শনাৰ্থীৰ মুখে মুখে।
অসমত বৰ্তমান সময়ত এনে এজন পূৰ্ণাঙ্গ নায়ক পাই সুখী বুলি মনোভাব ব্যক্ত কৰে দৰ্শনাৰ্থীয়ে।