Breaking

শিৱসাগৰৰ ভটিয়াপাৰ ভাস্কৰজ্যোতি চিত্ৰগৃহত ‘শ্ৰী ৰঘুপতি’ চাবলৈ দৰ্শকৰ ভিৰ। পৰৱৰ্তী সময়তো অভিনেতা ৰবি শৰ্মাৰ পৰা এনে ছবি আশা কৰিছে দৰ্শকে…

0 116

বহু প্ৰত্যহ্বানৰ অন্তত সোমবাৰে চিত্ৰগৃহলৈ অহিল বিগ বাজেটৰ অসমীয়া ছবি শ্ৰী ৰঘুপতি । অন্য়ান্য প্ৰান্তৰ লগতে শিৱসাগৰতো ছবিখনৰ প্ৰথম দৰ্শনীৰ পৰাই আদৰি লৈছে দৰ্শকে। ৰাজ্যৰ প্ৰতিটো চিত্ৰগৃহৰ লগতে শিৱসাগৰৰ ভটিয়াপাৰ ভাস্কৰজ্যোতি চিত্ৰগৃহত দৈনিক চাৰিটাকৈ হোৱা দৰ্শনীত এতিয়া অশেষ সমাদৰ দেখিবলৈ পোৱা গৈছে। ৰাইজৰ সৈতে ছবি উপভোগ কৰিলে আমগুৰিৰ অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়াই।

শিৱসাগৰ দৰ্শকে অভিনেতা ৰবি শৰ্মাৰ পৰা পৰৱৰ্তী সময়তো এনে ধৰণৰ ছবি আশা কৰাৰ লগতে ছবিখনত জড়িত সকলো ক’লা কোশলীকো শ’লাগ লয়। ভাস্কৰজ্যোতি চিত্ৰগৃহৰ স্বৰ্তাধিকাৰী গৰাকীয়েও এনে ধৰণৰ ছবিৰ জড়িয়তে অনাগত সময়ত আসমীয়া চলচিত্ৰ প্ৰতিষ্ঠানলৈ আমূল পৰিৱৰ্তন আহিব বুলি সংবাদ-মাধ্যমৰ আগত মন্তব্য কৰে।

Leave A Reply