Breaking

দৃশ্য–শ্ৰব্য গীতৰ সঁফুৰা ‘জীৱন মাথোঁ সপোন’ উন্মোচন

0 1,031

নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনৰ নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত দেওবাৰে নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ‘জীৱন মাথোঁ সপোন’ নামৰ দৃশ্য–শ্ৰব্য গীতৰ সঁফুৰা এটি উন্মোচন কৰা হয় ।   বিশিষ্ট শিক্ষাবিদ  তথা জনপ্ৰিয় কবি ডঃ মঞ্জু  হালৈৰদ্বাৰা ৰচিত গীত তথা সামগ্ৰিক পৰিচালনাৰে আৰু জনপ্ৰিয় কণ্ঠশিল্পী  আৰু বিশিষ্ট শিক্ষাব্ৰতী সুকন্যা গোস্বামীয়ে গোৱা তথা এদল নৱীন অভিনেতা, অভিনেত্ৰী আৰু কলা–কুশলীৰে সজোৱা এই দৃশ্য–শ্ৰব্য গীতৰ সঁফুৰাটি উন্মোচন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোৱিন্দ কলিতা আৰু  কাৰ্যমিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই বিশিষ্ট অতিথি হিচাপে ভাগ লৈ প্ৰাসংগিক ভাষণ প্ৰদান কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই পৰিচালনা কৰা এই অনুষ্ঠানত কৃতী শিক্ষাৰ্থী শিৱাশ্ৰী গোস্বামীয়ে হীৰেন ভট্টাচাৰ্যৰ কবিতা আবৃত্তি, অভিনেত্ৰী ৰীমা শৰ্মাই নৃত্য; জনপ্ৰিয় কণ্ঠশিল্পী সুকন্যা গোস্বামী আৰু বিদ্যুৎ বৰফুকনে গীত পৰিৱেশন কৰে । গীতৰ ৰচয়িতা আৰু দৃশ্য–শ্ৰব্য সঁফুৰাটিৰ সামগ্ৰিক পৰিকল্পনাকাৰী  ডঃ মঞ্জু হালৈয়ে সঁফুৰাটি সন্দৰ্ভত বক্তব্য প্ৰদান কৰে । ইয়াৰ পাছত ৰীমা শৰ্মা, অৰূপ শৰ্মা, বিদ্যুৎ বৰফুকন, পিণ্টু ভৰদ্বাজ, নিপুল দাস, গীতু শৰ্মা আৰু ত্ৰৈলোক্য বৈশ্যই অভিনয় কৰা ‘জীৱন মাথোঁ সপোন’ মুকলিভাৱে প্ৰদৰ্শন কৰোৱা হয় । এই অনুষ্ঠানৰ পূৰ্বে ভাষা আন্দোলনৰ প্ৰথমগৰাকী ছহিদ ৰঞ্জিত বৰপূজাৰী আৰু সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপন কৰা হয়। অনুষ্ঠানটো মুকলি কৰে প্ৰাক্তন ছাত্ৰনেতা নৰেশ্বৰ কলিতাই।  দুয়োগৰাকী  অসমপ্ৰাণৰ প্ৰতিচ্ছবিৰ সন্মুখত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক উৎপল গোস্বামী আৰু নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলন কৰে । 

Leave A Reply