Breaking

তীৰ্থনগৰী হাজোৰ বিষ্ণুপুৰস্থিত বিদ্যাৰ্থী চিনিয়ৰ চেকেণ্ডাৰী স্কুলত নৱম শ্ৰেণীৰ বিদ্যাৰম্ভ কাৰ্যসূচীৰ শুভ উদ্ধোধন

0 28

তীৰ্থনগৰী হাজোৰ বিষ্ণুপুৰস্থিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান বিদ্যাৰ্থী চিনিয়ৰ চেকেণ্ডাৰী স্কুলত নতুনকৈ সংযোজন হোৱা নৱম শ্ৰেণীৰ পাঠদান কাৰ্যৰ আজিৰ পৰা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হয় ।আজি পুৱাৰ ভাগত শ্ৰেনী কোঠাৰ প্ৰৱেশদ্বাৰ মুকলি কৰে সুৰেন দাস মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক ৰাজীৱ দাসে।তাৰ পিছত এখনি মুকলি সভা অনুষ্ঠিত হ’য়।সভাত মানৱ জীৱনৰ পৰিপক্ক ঘাই শিপাডালেই হৈছে শিক্ষা। গতিকে ছাত্ৰ ছাত্ৰী সকলে জীৱন সংগ্ৰামত আগবাঢ়িব হ’লে আনুষ্ঠানিক শিক্ষাৰে প্ৰথমে শিক্ষিত হোৱাৰ লগতে শ্ৰেণীত প্ৰথম হৈ ভাল ফলাফলৰে অধ্যয়ণশীল মনোভাৱেৰে নিজকে চিনাকী দিবলৈ যত্নপৰ হ’ব লাগিব বুলিওঁ উল্লেখ কৰে অধ্যাপক ৰাজীৱ দাসে। সভাৰ আঁত ধৰে বিষয় শিক্ষক পৰশমণি কলিতাই।সভাৰ সভাপতিত্ব ৰে বিদ্যালয়ৰ অধ্যক্ষ ড° জিতেন্দ্ৰ ডেকাই ।সভাৰ উদ্দেশ্য বাখ্যা কৰে মেনেজিং ডাইৰেক্টৰ মইদুল ইছলামে।উল্লেখ্য যে বৰ্তমান নতুন শিক্ষানীতি অনুসৰি জুনিয়ৰ ছেকেণ্ডাৰী শাখাৰ পৰিৰ্বতে ছিনিয়ৰ ছেকেণ্ডাৰী শাখা হিচাপে অন্তৰ্ভূক্তি হৈ আজিৰে পৰা নৱম শ্ৰেণীৰ পাঠদানৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে বিদ্যালয় কৰ্তৃপক্ষই।তদুপৰি আজিৰ সভাত উপস্থিত থাকে অৱসৰী শিক্ষক ধনেশ্বৰ দাস, হিমাক্ষী ভাণ্ডাৰ কায়স্থ ,সীমা বৰুৱাকে ধৰি অন্যান্য শিক্ষক শিক্ষয়ত্ৰী তথা ছাত্ৰ- ছাত্ৰীবৃন্দ ।নিশ্চিতভাৱে নৱম শ্ৰেণীৰ পাঠদান কাৰ্য মুকলিত শৈক্ষিক জাগৰণত এক ইতিবাচক দিশ হিচাপে শৈক্ষিক মহলত বিবেচিত হৈছে।

Leave A Reply