Breaking

পশ্চিম নলবাৰীৰ আমনি শংকৰ প্ৰাথমিক বিদ্যালয়ত “নেহৰু ফল মুলৰ বাগিছা”ৰ শুভ উদ্বোধন

0 2,049

পশ্চিম নলাবাৰীৰ  শিক্ষাখণ্ডৰ  অধীনৰ ঐতিহ্যমণ্ডিত   আমনি শংকৰ প্ৰাথমিক বিদ্যালয়ৰ উল্লেখনীয় পদক্ষেপক সর্বস্তৰ ৰাইজে প্রসংশা কৰে ৷যিখন বিদ্যালয়ত ছাত্র ছাত্রীৰ ,মাতৃগোটৰ ,পৰিচালনা সমিতিৰ সহযোগত কৰা পাচলিৰে ছাত্র ছাত্রীয়ে মধ্যাহ্ন ভোজনত পুষ্টিকৰ খাদ্য খাই তেনে এখন প্রাথমিক বিদ্যালয় হল পশ্চিম নলবাৰীৰ  কৃষি প্রধান অঞ্চলত থকা আমনি শংকৰ প্রাথমাক বিদ্যালয়ত আজি আনুষ্ঠানিকতাৰে এখন ফল মুলৰ বাগিছা উদ্বোধন কৰা হয় ৷ আমনি শংকৰ প্ৰাথমিক বিদ্যালয়ৰ ইকো ক্লাৱৰ উদ্যোগত নকৈ স্হাপিত ফলমুলৰ বাগিছা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কামৰূপ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° প্ৰমোদ হালৈয়ে ৷ এই উপলক্ষে আজি দিনৰ ১১-৩০ বজাত বিদ্যালয় ভৱনত অনুষ্ঠিত হোৱা  শুভাৰ্ভণী  সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যিলয় খনৰ প্ৰধান শিক্ষক হৰিচৰণ শৰ্মাই ৷ স্হানীয় যুৱ সমাজকৰ্মী পৰমেশ্বৰ বৰ্মনে আত ধৰা সভাত উদ্বোধক ড° হালৈয়ে সকলো গছ গছনিৰ উপকাৰিতা আছে ৷ গছে জীৱনদায়িনী অক্সিজেন দি আছে বাবেই আমি জীয়াই থাকিবলৈ সক্ষম হৈছো ৷  ফলমুলৰ গছৰ কথা আৰু বেলেগ ৷ এই গছে আমাক পুষ্টিকৰ খাদ্য দিয়ে ৷ প্ৰতিখন বিদ্যালয়ত ফলমুলৰ বাগিছা থকাটো বাঞ্ছনীয় বাবেই হয়টো শিক্ষা বিভাগে বিদ্যালয় সমুহত ইকো ক্লাৱ খুলিব দি অনুদান আদিও দিছে ৷ আমনি শংকৰ প্ৰাথমিক বিদ্যালয়ে আজি যি খন “নেহৰু ফলমুলৰ বাগিছা” উদ্বোধন কৰিলে ইয়ে ছাত্ৰ ছাত্ৰীৰ মনত এক যোগাত্মক প্ৰভাৱ পেলাব বুলি কয় ৷ সভাত স্হানীয় সমাজকৰ্মী হৰকান্ত ৰাজবংশী, মথুৰ ৰাজবংশী, ধৰ্মপুৰ জ্ঞানদায়িনী হাইস্কুলৰ অবসৰী প্ৰধান শিক্ষক উমেশ বৰ্মন, ২১ নং পশ্চিম ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ সভাপতি বিকাশ বৰ্মন আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্যই তত্বগধুৰ ভাষণ প্ৰদান কৰে ৷ সভাৰ শেষত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৰেশ্বৰ ৰাজবংশীয়ে শলাগৰ শৰাই আগবঢ়ায় ৷ সভাৰ পূৰ্বে বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰিচৰন শৰ্মা, সহকৰাী শিক্ষক তপন কুমাৰ শৰ্মা, প্ৰনৱ দাস, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি জয়দেব বৰ্মন, বৰ্তমানৰ সভাপতি, হৰেশ্বৰ ৰাজবংশী ,ইকো ক্লাৱৰ সদস্য সদস্যা সকলৰ সহযোগত ফলমুলৰ বাগিছা খনত ড° প্ৰমোদ হালৈ, নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ কাৰ্যালয় সহায়ক পৰেশ শৰ্মা, অৱসৰী প্ৰধান শিক্ষক দিলীপ শৰ্মা, উমেশ বৰ্মন, কেশৱ ডেকা, শিক্ষক সতীশ বৰ্মন, পঞ্চায়ত সভাপতি বিকাশ বৰ্মন, হৰকান্ত ৰাজবংশী, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক অনিল হালৈ, জ্যেষ্ঠ সাংবাদিক ৰাজেন বৈশ্যই একোটাকৈ বিভিন্ন লিচু, লেটুক,আম,, মধুৰিআম,নাচপতি, আমলখি ,জলফাই,কর্দ্দৈ,,আপেল আদিৰ  ফলমুলৰ গছৰ পুলি ৰোপন কৰে  ৷ কিছু বছৰ পিছত বিদ্যালয়ৰ ছাত্র ছাত্রী সকলে বিদ্যালয়ত হোৱা সকলো ফলমুলে খাই আনন্দ লাভ কৰিব বুলি একাংশ উপস্থিত ৰাইজে উল্লেখ কৰে ৷ সাংবাদিক পৰাগমণি দাস, ধীৰাজ তালুকদাৰ, তপন কুমাৰ শৰ্মা, প্ৰদীপ কুমাৰ বৰ্মনকে ধৰি বিদ্যালয়ৰ মাতৃগোটৰ সদস্যা সকল আৰু একাংশ স্হানীয় ৰাইজ উপস্থিত আছিল ৷শেষত  অনুষ্ঠানত উপস্থিত থকা প্রতি গৰাকী নিমন্ত্ৰিত অতিথি, উপস্থিত লোক সকলে বিদ্যালয়নৰ শিক্ষক সকলৰ ভূয়ষী প্রশংসা  কৰে ।

Leave A Reply