Breaking

বিশ্বনাথত একেদিনাই তিনিখনকৈ বিদ্যালয়ৰ মাংগলিক শুভ উদ্বোধন

0 1,027

বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ জিলাৰ সাকোমঠা, হাটিঙা আৰু প্ৰতাপগড় চাহ বাগিছাত নৱ নিৰ্মিত তিনিখনকৈ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰাৰ বাবে উপস্থিত হয় । উল্লেখ যে প্ৰথমে বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিছা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত মূখ্যমন্ত্রী গৰাকী উপস্থিত হৈ বিদ্যালয়খনৰ ফিটা কাটি শুভ উদ্বোধন কৰে লগতে বিদ্যালয় খনৰ খেলপথাৰত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানটিত অংশগ্রহণ কৰে মূখ্যমন্ত্রী গৰাকীয়ে । উল্লেখ যে আজি শুভ উদ্বোধন কৰা প্ৰতাপগড় চাহ বাগিছা উচ্চ মাধ্যমিক বিদ্যালয়খনক বিজয় চন্দ্র ভাগৱতী নামে নামাকৰণ কৰা হয়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্মিয়মান বিশ্বনাথৰ আন এখন বিদ্যালয় হাটিঙা চাহ বাগিচালৈ ৰাওনা হয়।

পুনৰ মুখ্যমন্ত্ৰী গৰাকী সাকোমঠা চাহ বাগিচাত উপস্হিত হৈ শুভ উদ্ধোধন কৰে প্ৰতাপগড় চাহ বাগিচা উচ্চ মাধ্যমিক বিদ্যালয়।তাৰ পিছতে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ চাৰিআলিৰ নিৰ্মিয়মান হৈ থকা চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়।সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ইতিমধ্যে এই চিকিৎসা মহাবিদ্যালয়ৰ কাম ২০% সম্পূৰ্ণ হৈছে আৰু ২০২৪ চন অৰ্থাত নিৰ্বাচনৰ পূৰ্বে এই চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূৰ্ণ কৰা হব।

Leave A Reply