Breaking

লাহৰীঘাট আহমেদ পলিক্লিনিক এণ্ড ডায়োনেগষ্টিক চেন্টাৰত আলট্ৰাচাউণ্ড সেৱাৰ শুভ উদ্বোধন..

0 32

মৰিগাঁও জিলাৰ লাহৰীঘাট বজাৰৰ সমীপত বৰবৰিস্হিত আহমেদ পলিক্লিনিক এণ্ড ডায়োনেগষ্টিক চেন্টাৰত আজি ৰোগী সকলৰ উন্নত চিকিৎসাৰ বাবে আধুনিক পদ্ধতিৰ আল্ট্রা চাউণ্ড সেৱাৰ শুভ উদ্বোধন কৰা হয়।

আল্ট্রা চাউণ্ড মেচিনটিৰ শুভ উদ্বোধন কৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ গাইনু বিভাগৰ চিকিৎসক ডাঃ নাছিৰ হাছান খন্দকাৰে। উদ্বোধনী অনুষ্ঠানত উক্ত পলিক্লিনিক এণ্ড ডায়োনেগষ্টিক চেন্টাৰৰ স্বত্বাধিকাৰী ডাঃ ফুজাইল আহমেদ, ডাঃ কন্টেশ্বৰ বৰদলৈ, ডাঃমুৰ্শীদ আহমেদো উপস্থিত থাকে।

উল্লেখ্য যে এই পলিক্লিনিক এণ্ড ডায়োনেগষ্টিক চেন্টাৰটি স্থাপিত হোৱাৰ পিছৰে পৰা দুখীয়া ৰাইজৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত যথেষ্ট সকাহ পাইছে। অৱশ্যে আজি আল্ট্রা চাউণ্ড মেচিনটিৰ শুভ উদ্বোধন হোৱাৰ পিছত উক্ত ডায়োনেগষ্টিক চেন্টাৰৰ চিকিৎসাৰ দিশত আৰু এখোঁজ আগুৱাই গল। প্ৰণিদান যোগ্য যে ক্লিনিকত বহু ধৰণৰ ৰোগৰ চিকিৎসাও অভিজ্ঞ চিকিৎসকসকলৰ দ্বাৰা উপলব্ধ ।
লাহৰীঘাটৰ পৰা খাইৰুল ইছলাম

Leave A Reply