Breaking

নৰ্থ ইষ্ট অলিম্পিক গেমছলৈ চৰাইদেউ জিলা বেল্ট ৰেষ্টলিং সন্থাৰ খেলুৱৈ অভিলাশা লাহন আৰু সমীৰ ৰঞ্জন লংপতীয়া অসম ৰাজ্যিক দলত নিৰ্বাচিত…

0 19

নৰ্থ ইষ্ট অলিম্পিক গেমছলৈ চৰাইদেউ জিলা বেল্ট ৰেষ্টলিং সন্থাৰ খেলুৱৈ অভিলাশা লাহন আৰু সমীৰ ৰঞ্জন লংপতীয়া অসম ৰাজ্যিক দলত নিৰ্বাচিত।

১৮ মাৰ্চ তাৰিখৰ পৰা ২৩ মাৰ্চ তাৰিখলৈ নাগালেণ্ডত অনুষ্ঠিত হ’বলগীয়া তৃতীয় নৰ্থ ইষ্ট অলিম্পিক গেমছ ২০২৪ত চৰাইদেউ জিলা বেল্ট ৰেষ্টলিং সন্থাৰ খেলুৱৈ অভিলাষা লাহন আৰু সমীৰ ৰঞ্জন লংপতীয়া অসম ৰাজ্যিক দলত নিৰ্বাচিত হৈছে। চৰাইদেউ জিলাৰ সোণাৰি পাৰ্বতীপূৰৰ তিলক লাহন আৰু মাতৃ আৰতি চুতীয়াৰ সুযোগ্য কন্যা অভিলাষা লাহনে বেল্ট ৰেষ্টলিং ক্ৰীড়াৰ ৬৫ কেজি অনুৰ্ধ্ব শাখাত অংশগ্ৰহণ কৰিব আৰু ডিব্ৰুগড় জিলাৰ

নাহৰকটীয়া ৰাঙলী পথাৰ গাঁৱৰ পিতৃ বিশ্বনাথ লংপতীয়া আৰু মাতৃ বন্দনা লংপতীয়াৰ সুযোগ্য সন্তান সমীৰ ৰঞ্জন লংপতীয়াই বেল্ট ৰেষ্টলিং ক্ৰীড়াৰ ৭০ কেজি অনুৰ্ধ্ব শাখাত অংশগ্ৰহণ কৰিব।চৰাইদেউ জিলাৰ বেল্ট ৰেষ্টলিং সন্থাৰ সম্পাদক ও মুখ্য প্ৰশিক্ষক ৰাতুল গগৈ, সভাপতি লংকেশ্বৰ গগৈয়ে দুয়োগৰাকী প্ৰতিযোগীক শুভেচ্ছা জ্ঞাপন কৰে।

নাগালেণ্ড অলিম্পিক এচচিয়েচন আৰু নৰ্থ ইষ্ট অলিম্পিক এচচিয়েচনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া নৰ্থ ইষ্ট অলিম্পিক গেমছ ২০২৪ত অসম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু চিকিম এই আঠখন ৰাজ্যই অংশগ্ৰহণ কৰিব।

Leave A Reply