Breaking

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কমিউনিটি ৰেডিঅ’ জ্ঞানমালিনীৰ সহযোগত অনাতাঁৰ মৰম পৰিয়ালৰ অনলাইন ৰচনা প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা সম্পন্ন

0 1,098

২০১০ চনত মাজুলীত গঠন হোৱা ৰেডিঅ’ প্ৰেমী শ্ৰোতাৰ মঞ্চ অনাতাঁৰ মৰম পৰিয়ালে পৰিয়ালটোৰ প্ৰতিষ্ঠা কালৰ উপদেষ্টা জোনাই বেৰা চাপৰিৰ স্বৰ্গীয় সোনাৰাম বৰদলৈৰ সোঁৱৰণত অসম ভিত্তিত আয়োজন কৰা অনলাইন ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণী সভাখনি বৃহস্পতিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কমিউনিটি ৰেডিঅ’ জ্ঞানমালিনীৰ সহযোগত জ্ঞানমালিনীৰ ষ্টুডিঅ’ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। অনুষ্ঠানটিত উপস্থিত থাকে জ্ঞানমালিনীৰ সঞ্চালক ড° নিৰোদ বৰুৱা ,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক ক্ৰমে ড° বিনোদ বড়া আৰু ড° পৰমানন্দ সোনোৱাল ,জ্ঞানমালিনীৰ অনুষ্ঠান কাৰ্যবাহী ক্ৰমে ড° জিতুৰঞ্জন চেতিয়া, ড° কৌস্তুভমণি নাথ আৰু স্বপ্নালী ভূঞা। অনুষ্ঠানটিত অনাতাঁৰ মৰম পৰিয়ালৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক ক্ৰমে ভূপেন গগৈ আৰু ৰূপজ্যোতি দুৱৰাক। ড° কৌস্তুভমণি নাথ আৰু মাজুলী শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত পৰিয়ালটিৰ বহু কেইজন জেষ্ঠ উপদেষ্টা , সভাপতি , সম্পাদকে ধৰি সকলো বিষয়ববীয়া উপস্থিত থাকে । ফলাফল অনুসৰি – ক শাখাত – প্ৰথম স্থান লাভ কৰিছিল – মৰাণ জুনিয়ৰ কলেজৰ ছাত্ৰী অৰ্ণৱী গগৈ, দ্বিতীয় স্থান লাভ কৰিছিল – পূৱ কামৰূপ মহাবিদ্যালয় ছাত্ৰ পৰাগজ্যোতি ডেকা আৰু বিচাৰকৰ উদগনি মূলক বঁটা লাভ কৰিছিল – গোলাঘাট বানিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ অবিনাশ বৰাই।


খ শাখাত – প্ৰথম স্থান লাভ কৰিছিল লখিমপুৰ খেলমাটিৰ ধৰিত্ৰী বৰুৱাই , দ্বিতীয় স্থান লাভ কৰিছিল গোলাঘাট মলীয়া গাঁৱৰ দেৱব্ৰত শইকীয়া আৰু বিচাৰকৰ উদগনি মূলক বঁটা লাভ কৰিছিল গোলাঘাট শাওঁতলীৰ টুটুমণি নাথে । প্ৰতিযোগিতাত স্হানপ্ৰাপ্ত সকলক ৰেডিঅ’ , মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হয়।

Leave A Reply