Breaking

‘ৰূপান্তৰ’ৰ বঁটা ঘোষণা

0 2,032

২০১১ চনত প্ৰতিষ্ঠা লাভ কৰা সমাজ – সাহিত্য – সাংস্কৃতিক মঞ্চ “ৰূপান্তৰ”ৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ৰূপান্তৰ বঁটা প্ৰদান  অনুষ্ঠানৰ প্ৰস্তুতি চলিছে । বিগত বৰ্ষৰ দৰে বিভিন্ন শিতানত ৰূপান্তৰে প্ৰদান কৰি অহা বঁটাসমূহ আজি ঘোষণা কৰা হয় । ৰূপান্তৰৰ প্ৰধান সম্পাদক গৌৰাংগ বৰাই এক প্ৰেছ বিবৃতিৰ জৰিয়তে  এই কথা ঘোষণা কৰি কয় – অসমৰ নাট্য ক্ষেত্ৰলৈ নিৰলস ভাবে সেৱা আগবঢ়াই  অহা একোজন ব্যক্তিক প্ৰতি বছৰে ৰূপান্তৰ শিল্পী বঁটা প্ৰদান কৰা হয় । এই বেলি এই বঁটাৰ বাবে মনোনীত কৰা হৈছে ভ্ৰাম্যমাণ নাট্যজগতৰ একালৰ জনপ্ৰিয় কৌতুক অভিনেতা কলিয়াবৰৰ  ৰামেশ্বৰ হাজৰিকাক । ১৯৭২ চনত “অমৰ” থিয়েটাৰৰ জৰিয়তে  ভ্ৰাম্যমাণ নাট্যদলত খোজ দিয়া ৰামেশ্বৰ হাজৰিকাই সুদীৰ্ঘ ৩৫ বছৰ ভ্ৰাম্যমাণৰ মঞ্চত বলিষ্ঠ অভিনয়ে এখন সুকীয়া আসন দখল কৰি ৰাখিছে । কহিনুৰ, হেঙুল, ৰাজশ্ৰী আদি বহুকেইখন আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰত নিজৰ বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা ৰামেশ্বৰ হাজৰিকা অভিনেতা হোৱাৰ উপৰিও  এগৰাকী  নাট্যকাৰ, গীতিকাৰ, বাদ্যবীদ  ।  আনহাতে,  “ৰং” ,”আত্মকথা”,  “অন্তহীন” আদি গ্ৰন্থৰ স্ৰষ্টা , যুৱ প্ৰজন্মৰ লেখিকা   শৰ্মিষ্ঠা প্ৰীতমলৈ আগবঢ়োৱা হৈছে প্ৰয়াত কুকিল চক্ৰৱৰ্তী সোঁৱৰণি অনুপ্ৰেৰণা বঁটা । ৰূপান্তৰ সাহিত্য বঁটা লাভ কৰিছে কুৰিখনতকৈও অধিক  গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্য ক্ষেত্ৰলৈ  বৰঙণি আগবঢ়োৱা লেখক  কেশৱ বৰাই । ৰূপান্তৰ সমাজ হিতৈষী বঁটা এই বেলি আগবঢ়োৱা হৈছে বিশিষ্ট সমাজসেৱক দেবেন্দ্ৰ সিং শ্বেহমীলৈ । অহা ২৩ জানুৱাৰীত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হব লগা এক অনুষ্ঠানত  এই বঁটা প্ৰদান কৰা হ’ব । উক্ত অনুষ্ঠানতে “অসমত লোক সংস্কৃতিৰ চৰ্চা আৰু বিকাশ” শীৰ্ষক  বক্তৃতা প্ৰদান কৰিব  বিশিষ্ট গৱেষক -লেখক তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক মৃনাল কুমাৰ বৰাই । উল্লেখ্য যে নগাঁৱৰ জলাহ গাঁৱস্থিত “ৰূপান্তৰ “ৰ মুখ্য কাৰ্যালয়ত ১৬ জানুৱাৰীত ৰূপান্তৰৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস  উপলক্ষে  শিশু সকলৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতা  আয়োজন কৰা  হৈছে  বুলি ৰূপান্তৰৰ  প্ৰধান সম্পাদক গৌৰাংগ বৰাই জানিবলৈ দিয়ে ।

Leave A Reply