Breaking

কলগাছিয়াত “হৰ ঘৰ ত্ৰিৰংগা” ৰ সজাগতামূলক প্ৰচাৰ …

0 71

কলগাছিয়া আৰক্ষী থানাৰ নেতৃত্ব আৰু কলগাছিয়া আৰক্ষী থানাৰ এলেকাধীন গাওঁৰক্ষী বাহিনীৰ সহযোগত কলগাছিয়াত “হৰ ঘৰ ত্ৰিৰংগ”ৰ সজাগতামূলক প্ৰচাৰ কাৰ্যসূচী ৰূপায়ন।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ উদ্যোগত আৰু কলগাছিয়া আৰক্ষী থানাৰ এলেকাধীন গাওঁৰক্ষী বাহিনীৰ সহযোগত আজি কলগাছিয়াত “হৰ ঘৰ ত্ৰিৰ‍ংগা” কাৰ্যসূচী ৰূপায়নৰ বাবে হাতে ত্ৰিৰংগা লৈ এক সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়। “হয় ঘৰ ত্ৰিৰংগা” কাৰ্যসূচী কেনেকৈ সফল হয় আৰু সাধাৰণ ৰাইজে কিদৰে পতাকা উত্তোলন কৰিব সেই সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবেই এই পদযাত্ৰা উলিওৱা হয়।

উল্লেখ্য যে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰত্যেকৰে বাসগৃহ আৰু চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত জাতীয় পতাকা উত্তোলনেৰে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিবলৈ আহ্বান জনায়। কলগাছিয়া আৰক্ষী থানাৰ পৰা পথযাত্ৰা উলিয়াই কলগাছিয়া পাট বজাৰ হৈ কলগাছিয়াৰ বালাৰপাথাৰ এলেকাদি পদযাত্ৰা কৰি কলগাছিয়াত আৰক্ষী থানাত উপস্থিত হয়। হৰ ঘৰ ত্ৰিৰ‍ংগা কাৰ্যসূচী ৰূপায়নেৰে কলগাছিয়াৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।

Leave A Reply