Breaking

বিশ্বনাথৰ তৰাজুলিত বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা

0 89

বিশ্বনাথৰ তৰাজুলি গাওঁৰক্ষী বাহিনীয়ে বুধবাৰে বাল্য বিবাহৰ বিৰুদ্ধে এক সজাগতা মুলক সভা অনুষ্ঠিত কৰে৷ স্থানীয় গাওঁ প্ৰধান পোনাৰাম বসুমতাৰীৰ সভাপতিত্বত আৰু তৰাজুলি গাওঁৰক্ষী বাহিনীৰ সম্পাদক পঙ্কজ বসুমতাৰীয়ে আঁত ধৰা সভাখনত বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা অনাৰ বাবে বিশদভাৱে পৰ্যালোচনা কৰা হয়৷

বিশেষকৈ সমাজত বাল্য বিবাহ অভিশাপ স্বৰূপ হৈ পৰিছে৷ সামাজিক ব্যাধিৰ পৰিণত হোৱা সুস্থ সবল সমাজ গঠন কৰাৰ ক্ষেত্ৰত এই বাল্য বিবাহে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰাৰ লগতে বাল্য বিবাহৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিয়ে দেশ তথা সমাজৰ অহিতৰ হোৱা বুলি সভাত চৰ্চিত হৈছে৷

আনহাতে বাল্য বিবাহ সংবিধান বিৰুদ্ধ কাৰ্য৷ এই অনৈতিক আৰু অসাংবিধানিক কাৰ্যৰ বিৰুদ্ধে ৰাইজে সজাগ হ’লেহে নিৰ্মুল হ’ব বুলি প্ৰতি প্ৰত্যেকে মত প্ৰকাশ কৰে৷

এই ক্ষেত্ৰত প্ৰতি গৰাকী নাগৰিকে বাল্য বিবাহ প্ৰতিৰোধ গঢ়ি তুলি সুস্থ সবল সমাজ গঠন কৰাত সময়োপযোগী পদক্ষেপ গ্ৰহন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে৷

সভাত সমাজকৰ্মী প্ৰদীপ মহলীয়া, মৃদুল মেধি, বিনয় বসুমতাৰী, সাংবাদিক ৰমেশ চন্দ্ৰ চৰেণকে প্ৰমুখ্য কৰি স্থানীয় ৰাইজ উপস্থিত থাকে৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই স্থানীয় গাওঁৰক্ষী বাহিনীৰ সভাপতি কৃষ্ণ বসুমতাৰীয়ে৷

Leave A Reply