Breaking

সৰুপথাৰত ধনশিৰি মহকুমা প্ৰশাসন, গাওঁবুঢ়া সন্থা, গ্ৰামীন জীৱিকা অভিযানৰ কৃষি সখী সকলৰ মাজত সজাগতা সভা

0 73

আজি দুপৰীয়া ধনশিৰি মহকুমা প্ৰশাসন, কৃষি বিভাগ, ধনশিৰি মহকুমা গাওঁবুঢ়া সন্থা আৰু গ্ৰামীন জীৱিকা অভিযানৰ কৃষি সখী সকলৰ মাজত ধনশিৰি মহকুমাত চৰকাৰীভাৱে ধান ক্ৰয় কৰা সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হয়৷

গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত ধনশিৰি মহকুমাৰ কৃষকসকলে চৰকাৰীভাৱে ধান বিক্ৰি কৰা নীতি নিয়ম আৰু ব্যৱস্থাৱলী সম্পৰ্কত লগতে ধনশিৰি মহকুমাৰ নাওজানত চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত নিৰ্ধাৰীত চৰকাৰী মূল্যত ধান বিক্ৰি কৰা হোৱা সজাগতা সভাত গাওঁবুঢ়া আৰু কৃষি সখী সকলে নিজা নিজা অঞ্চলৰ কৃষক সকলক অৱগত কৰিবলৈ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা অৱগত কৰা হয়৷

সভাত গাওঁবুঢ়াআৰু কৃষি সখী সকলেও চৰকাৰীভাৱে ধান ক্ৰয় কৰা কেন্দ্ৰত ধান বিক্ৰী কৰিলে ধানৰ মুল্য পোৱাত বিলম্ব হোৱা সম্পৰ্কত মহকুমা প্ৰশাসনৰ বিষয়ববীয়া সকলক জনায়৷

সজাগতা সভাত ধনশিৰি মহকুমা মহকুমাধিপতি দিনচেংফা বৰুৱা, চক্ৰ বিষয়া হেমাংগ নবীচ, দণ্ডাধীশ জাফেথ ড্ৰাংগণ, কৃষি বিভাগৰ বিষয়া সকলৰ উপৰিও ধনশিৰি মহকুমা গাওঁবুঢ়া সন্থাৰ সভাপতি ললিত গগৈৰ লগতে গাওঁবুঢ়া আৰু কৃষি সখী সকল উপস্থিত থাকে৷

Leave A Reply