Breaking

বিশ্ব এইডছ দিৱস উপলক্ষে বৰপেটাৰোড গণেশ লাল চৌধুৰী মহাবিদ্যালয়ত সজাগতা সভা…

0 56

বিশ্ব এইডছ দিৱস উপলক্ষে বৰপেটাৰোড গণেশ লাল চৌধুৰী মহাবিদ্যালয়ত সজাগতা সভা।

আজি ১ ডিচেম্বৰ, বিশ্ব এইডছ দিৱস। প্ৰতি বছৰে ডিচেম্বৰ মাহৰ এক তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰাৰ লগতে এইডছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰা হয়।

আজি বিশ্ব এইডছ দিৱস উপলক্ষে বৰপেটাৰোডৰ গণেশ লাল চৌধুৰী মহাবিদ্যালয়তো 48 ASSAM NAVAL UNIT NCC , 60 ASSAM GIRLS BN NCC আৰু NSS & EXTENTION EDUCATION CEEL আৰু RIBBON CLUB ৰ সহযোগত এক সজাগতা ৰেলি উলিওয়া হয়।

ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ সভাকক্ষত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । সভাত এইডছ পৰা কেনেকৈ আঁতৰত থাকিব পাৰি বা ইয়াৰ বাবে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ বিষয়ে সভাত আলোচনা কৰা হয়। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

Leave A Reply