Breaking

ওৰাংৰ বালিগাঁৱ -পানবাৰী,কমাৰ চুবুৰী ফটাশিমলু উপস্বাস্থ্য কেন্দ্ৰত ফ্লৰিছিচ ৰোগৰ সজাগতা সভা

0 2,047

ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ  পানৱাৰী আৰু কমাৰ চুবুৰী উপস্বাস্থ্যকেন্দ্ৰত ফ্লৰিচিচ ৰোগৰ  সম্পৰ্কত সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ সজাগতা সভাত উপস্বাস্থ্যকেন্দ্ৰ ৩ টাত  চিকিৎসা বিষয়া ,এ এন এম ,আশা কৰ্মী আদি সকলে অংশগ্ৰহণ কৰে ৷এই আলোচনা অনুষ্ঠানটোত  ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ  RBSK (MHT)ৰ চিকিৎসা বিষয়া ডাঃ দীপাঞ্জলী  বৰাই ফ্লৰিচিচ ৰোগৰ  সচেতনতা,সজাগতা , লব লগা ব্যৱস্থাবলী আদিৰ বিষয়ে ব্যাখ্য কৰে ৷আনহাতে  ফটাশিমলু উপস্বাস্থ্যকেন্দ্ৰত  চিকিৎসা বিষয়া ডাঃ নবনীতা হাজৰিকা,ডাঃখগেন নাথে ফ্লৰিছিচ ৰোগৰ সংক্ৰমন,চিনাক্ত,স্বাস্থ্যৰ প্ৰতি লব লগা সাবধানতাৰ সম্পৰ্কত ব্যাখ্যা কৰে ৷সভাত ফাৰ্মাচীচ তৈয়বুৰ ৰহমান ,ইনামুল হক জাভেদ,আৰু সাংবাদিক নব কুমাৰ ডেকা উপস্থিতি  থাকি সহায় সহযোগিতা আগবঢ়ায় ৷

Leave A Reply