Breaking

চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সজাগতা মূলক সভা

0 526

ধুবুৰী জিলাৰ চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সজাগতা মূলক সভা অনুষ্ঠিত হয়। সজাগতা মূলক সভানত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক জয়ন্ত কুমাৰ শৰ্মা আৰু সহকাৰী অধ্যাপক ড° ভাস্কৰ ভট্টাচাৰ্য্য উপস্থিত থাকি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ বিষয়ে আলোকপাত কৰে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষা আৰু আন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মাজত পাৰ্থক্য নাই। ইয়াত ৫০ বছৰৰ উৰ্ধত থকা নাগৰিক এগৰাকী শিক্ষা গ্ৰহণ কৰিব পাৰে। নতুন শিক্ষানীতি অনুযায়ী ২০৩০ চনৰ ভিতৰত সকলো নাগৰিক শিক্ষিত হব লাগিব।

ইপিনে মহাবিদ্যালয়l সীমিত সংখ্যক আসন থাকে। তেনে ক্ষেত্ৰত ৫০০ গৰাকী আসন লাভ কৰি ১০০০ গৰাকী আসনৰ অভাৱত মাজ বাটতে শিক্ষা সমাপ্ত কৰিব লগা হয়। শিক্ষা লোৱাৰ অধিকাৰ সকলোৰে আছে। আমি সেইবিলাক শিক্ষাৰ্থীক শিক্ষা গ্ৰহণ কৰাৰ বাবে সুবিধা কৰি দিছোঁ। উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আন বিশ্ববিদ্যালয়ৰ উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ দৰে সমমৰ্যাদা লাভ কৰিব বুলি উল্লেখ কৰে।

Leave A Reply