Breaking

ছোৱালীৰ মাজত ৰক্তহীনতা নিয়ন্ত্ৰণৰ বাবে আয়ুৰ্বেদিক পদক্ষেপ গ্ৰহণ

0 39

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীৰ উপস্থিতিত সোমবাৰে দুয়োটা মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অসমৰ ধুবুৰীকে ধৰি ভাৰতৰ পাঁচখন জিলাৰ কিশোৰীসকলৰ মাজত আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰে ৰক্তহীনতা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক যুটীয়া জনস্বাস্থ্য প্ৰচেষ্টাৰ বাবে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে।

‘মিছ নউৎকৰ্ষ’ৰ অধীনত আয়ুষ মন্ত্ৰালয় আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ অধীনত সামৰি লোৱা আন চাৰিখন জিলা হৈছে ছত্তিশগড়ৰ বস্তাৰ, ঝাৰখণ্ডৰ পশ্চিম সিংভূমা, মহাৰাষ্ট্ৰৰ গড়চিৰোলী আৰু ৰাজস্থানৰ ধৌলপুৰ। এই জিলাবোৰক সমগ্ৰ দেশৰ দুৰ্বল প্ৰদৰ্শন কৰা জিলা হিচাপে চিনাক্ত কৰা হৈছিল, য’ত ৰক্তহীনতাৰ গড় প্ৰচলন প্ৰায় ৬৯.৫%। পুষ্টিহীনতাসূচকৰ আধাৰত বিশেষকৈ ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ-৫ৰ আধাৰত প্ৰজনন বয়স গোটৰ মহিলাসকলৰ পুষ্টিগত ৰক্তহীনতাৰ হাৰ নিৰূপণ কৰা হৈছে।

এই সহযোগিতামূলক পদক্ষেপৰ জৰিয়তে চৰকাৰে বিশেষকৈ মহিলা আৰু শিশুসকলৰ পুষ্টিৰ ফলাফল উন্নত কৰাৰ লক্ষ্য লৈছে। এই প্ৰকল্পটোৱে পাঁচখন জিলাৰ প্ৰায় ১০,০০০ অংগনৱাড়ী কেন্দ্ৰক সামৰি ল’ব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰম্ভ কৰা ‘মিছন উৎকৰ্ষ’ হৈছে দুৰ্বল প্ৰদৰ্শনকাৰী জিলাসমূহৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰত মুখ্য প্ৰদৰ্শন সূচক (কেপিআই) পূৰণ কৰাটো নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই যুটীয়া সহযোগিতামূলক পদক্ষেপৰ জৰিয়তে আমাৰ চৰকাৰে চিনাক্ত কৰা জিলাসমূহত কিশোৰীসকলৰ ৰক্তহীনতাৰ বিপদ সমাধান কৰাৰ লক্ষ্য লৈছে। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে ৰক্তহীনতাত ভোগা কিশোৰীসকলৰ সুস্বাস্থ্য আৰু পুষ্টিগত প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে প্ৰমাণ-আধাৰিত আয়ুৰ্বেদিক ঔষধ তথা চিকিৎসা প্ৰণালীৰ প্ৰয়োগ কৰা। পোষণ বা টিকা আৰু আয়ুৰ্বেদৰ পদক্ষেপৰ জৰিয়তে চৰকাৰে ৰক্তহীনতাত ভোগা কিশোৰীসকলৰ বাবে পুষ্টিকৰ খাদ্য লাভ কৰাটো নিশ্চিত কৰিব আৰু স্বাস্থ্যকৰ জীৱনশৈলী বৃদ্ধি কৰাত গুৰুত্ব দিব।”

লগতে সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাদায়ক নেতৃত্বত আমাৰ চৰকাৰে দেশৰ জনসাধাৰণৰ বাবে স্বাস্থ্যৱান জীৱনযাপন আৰু উন্নত স্বাস্থ্যসেৱা সমাধানৰ দিশত কাম কৰি আছে। এখন সুস্থ-সবল ভাৰতৰ দৃষ্টিভংগীপ্ৰাপ্ত কৰাৰ লক্ষ্যৰে আমি আয়ুৰ্বেদিক ঔষধ তথা চিকিৎসা প্ৰণালীৰ জৰিয়তে ৰক্তহীনতাৰ দৰে স্বাস্থ্য সমস্যা সমাধানতো গুৰুত্ব দিছোঁ। সুস্থতাৰ এক বিশ্বব্যাপী আন্দোলনৰ নেতৃত্ব দি অহা আয়ুষ এতিয়া সুস্বাস্থ্য আৰু সুস্থ মনৰ অমৃত হৈ পৰিছে।”

Leave A Reply