Breaking

চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে আয়ুষ্মান ভাৰত স্বাস্থ্য মেলা

0 1,144

চিলাপথাৰত আয়ুষ্মান ভাৰতৰ অধীনত খণ্ড পৰ্যায়ৰ স্বাস্থ্য মেলা।বুধবাৰে চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চিচিবৰগাওঁ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে আয়ুষ্মান ভাৰত স্বাস্থ্য মেলাৰ অনুষ্ঠিত হয় । উক্ত মেলাৰ শুভ উদ্বোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সংসদ প্ৰদান বৰুৱাই । অনুষ্ঠানটিত উপস্থিত থাকে জোনাইৰ বিধায়ক ভুৱন পেগু, ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য । মেলাৰ লগত সংগতি ৰাখি এক সজাগতা সভা অনুষ্ঠিত কৰা হয় । মেলাত সাধাৰণভাৱে আহৰণ কৰিব পৰা নানা ধৰণৰ পুষ্টিকৰ খাদ্য বস্তু প্ৰদৰ্শিত কৰাৰ লগতে এক যোগ শিবিৰ ও অনুষ্ঠিত হয়।সজাগতা সভাত বিতংভাৱে বক্তব্য ৰাখে ধেমাজি স্বাস্থ্য বিভাগৰ বিষয়া ড০ যোগেন দাসে ।

উক্ত অনুষ্ঠানটিত জিলা স্বাস্থ্য বিভাগৰ মূৰব্বীৰ লগতে অঙ্গনৱাদী কৰ্মী সকল, চুপাৰভাইজাৰ সকল , গৰ্ভৱতী মহিলা আৰু চিলাপথাৰ অঞ্চলৰ বহু কেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply