Baahubali 2: ৪৭ বছৰ বয়সত বিবাহপাশত আৱদ্ধ বাহুবলী-২ ছবিৰ এইজন অভিনেতা

প্ৰভাস আৰু অনুষ্কা শেট্টীৰ ছবি ‘বাহুবলী ২’ত কাপুৰুষৰ চৰিত্ৰত অভিনয় কৰা কুমাৰ ভাৰ্মা অৰ্থাৎ সুবৰাজুৰ বিবাহ। ৪৭ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হয় অভিনেতাগৰাকী।(Baahubali 2)

সুবৰাজুৱে বিয়াৰ ছবিখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীয়ে তেওঁক অভিনন্দন জনাই। ছবিখন শ্বেয়াৰ কৰাৰ সময়ত অভিনেতাগৰাকীয়ে কেপচনত লিখিছে – ‘অৱশেষত বিয়া শেষ হ’ল।’ পোষ্ট কৰাৰ লগে লগে তেওঁৰ বন্ধু-বান্ধৱী আৰু অনুৰাগীয়ে তেওঁৰ ফটোবোৰত কমেণ্টৰ জৰিয়তে অভিনেত্ৰীগৰাকীক তেওঁৰ নতুন জীৱনৰ বাবে অভিনন্দন জনাইছে।(Baahubali 2 Actor Married)

সুবৰাজুৱে বিয়াৰ ছবিখন শ্বেয়াৰ কৰিলে যদিও পত্নীৰ বিষয়ে একো জনোৱা নাই ৰাইজক। আনকি পত্নীৰ নামো প্ৰকাশ কৰা নাই। (Kumar Verma Subbaraju)

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ২৬ নৱেম্বৰত সুবৰাজুৱে বিবাহপাশত আবদ্ধ হয়। তেলেগু আৰু তামিল চিনেমাত তেওঁ বহুত জনপ্ৰিয়। বাহুবলীত কুমাৰ ভাৰ্মা নামেৰে তেওঁ অতি জনপ্ৰিয় হৈ পৰিছিল।

Related Articles