অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস, ৫গৰাকী মহিলা আৰু এজন বাবাক আটক

গুৱাহাটী : অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস। মহিলাৰ ডিঙিৰ পৰা কাটাৰেৰে কাটি নিছে চেইন। আধা ঘণ্টাৰ ভিতৰতে ৬গৰাকী মহিলাৰ চেইন চুৰি।

অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস।মেলাত বহিঃৰাজ্যৰ চোৰৰ গেঙক কৰায়ত্ত।৫গৰাকী মহিলা আৰু এজন বাবাক আটক।ভক্তৰ পৰা চুৰি কৰিছিল সোণৰ চেইন,পইচা।পুৰুষৰ বেশত মহিলা চোৰৰ লুটপাত।সৰু কাটাৰেৰে খোজ কাঢ়ি থকা মহিলাৰ ডিঙিৰ পৰা কাটি নিছে চেইন।

কামাখ্যাত আধা ঘণ্টাৰ ভিতৰতে ৬গৰাকী মহিলাৰ চেইন চুৰি।আৰক্ষীয়ে এই দিশত অনুসন্ধান কৰি আজি ধৰা পেলায় ৫গৰাকী মহিলাক।আটাইকেইগৰাকী দাক্ষিণাত্যৰ বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে,অম্বুবাচী মেলাত দৈনিক চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিলএগৰাকীৰ পিছত আনগৰাকীৰৰ ডিঙিৰ সোণৰ চেইন চুৰি হৈছে কামাখ্যাত।চুৰি হৈছে মানীবেগ, টকাও।

Related Articles