Breaking

ডিব্ৰুগড়ত তৃণমূল কংগ্ৰেছৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

0 17

আজি তৃণমূল কংগ্ৰেছৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস। সমগ্ৰ ৰাজ্য খনত পালন কৰাৰ সমান্তৰাল কৈ ডিব্ৰুগড়তো জিলা সমিতিয়ে প্ৰথমে শ্বহীদ তৰ্পণ কৰি তৃণমূল কংগ্ৰেছৰ পতাকা উত্তোলন কৰাৰ পাছতে ভিন্ন কাৰ্যাসূচীৰে পালন কৰিলে তৃণমূল কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস। তৃণমূল কংগ্ৰেছ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জিবুল গগৈ আৰু সাধাৰন সম্পাদক ৰফিউৰ ৰহমানৰ নেতৃত্বত আয়োজন কৰা এই কাৰ্যাসূচীত বহু কেইজন নেতা কৰ্মীৰ লগতে তৃণমূল কংগ্ৰেছৰ মহিলা সমিতিৰ বহু কেইগৰাকী নেত্ৰীয়েও আগ ভাগ লোৱা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি কৰাৰ লগতে ডিব্ৰুগড়ৰ বিভিন্ন সমস্যাৰ বাবে আগবাঢ়ি ৰাইজক সহায় সহযোগিতা আগবঢ়াব বুলি দলতোৰ নেতা সকলে জানিবলৈ দিয়ে।

Leave A Reply