Breaking

গ্ৰেপ্তাৰ হব নেকি বদৰুদ্দিন আজমল?মুখ্যমন্ত্ৰীৰ মন্তব্যই নমাইছে অশনি সংকেত…

0 131

ৰঙাঘৰৰ আলহী হব নেকি সাংসদ বদৰুদ্দিন আজমল। আজি নলবাৰীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যই সাংসদ গৰাকীৰ জীৱনলৈ নমাই আনিছে অশনি সংকেত।

হিন্দু মুছলমান মহিলাৰ বিৰুদ্ধে অপমানসূচক তথা অশ্লীল মন্তব্য কৰিছিল । যাৰ বাবে উজনি নামনিৰ প্ৰায় সকলো থানাত গোচৰ ৰুজু হৈছে সাংসদ গৰাকীৰ বিৰুদ্ধে। এই পৰ্যন্ত আৰক্ষীয়ে আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহন কৰা নাই। আজি বিশেষ কাৰ্যসূচী হাতত লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্হিত হৈছিল নলবাৰীত।

আজমলৰ বিৰুদ্ধে সোধা এক প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সকলো গোচৰ কৰিমগঞ্জ থানালৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দি আইনে ব্যৱস্হা গ্ৰহন কৰিব বুলি স্পষ্ট কৰি দিয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্যই এতিয়া সাংসদ গৰাকী ৰঙাঘৰৰ আলহী হোৱাৰ সন্দেহ প্ৰকট হৈ পৰিছে।

উল্লেখযোগ্য যে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৰাজ্যিক বিজেপি দলে সাংসদ গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহন কৰাৰ হুংকাৰ দিছিল। পৰবৰ্তী সময়ত আৰক্ষীয়ে সাংসদ গৰাকীৰ বিৰুদ্ধে কি ব্যৱস্হা গ্ৰহন কৰে সময়ত দেখা পোৱা যাব।

Leave A Reply