Breaking

ৰাইজৰ ৰোষত পৰিছে বদৰুদ্দিন আজমলৰ তনয় বিধায়ক আব্দুৰ ৰহিম আজমল : কলা পতাকাৰে আদৰনি

0 1,245

ডবকা, ২৩ নৱেম্বৰ : AIUDF প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ তনয় বিধায়ক আব্দুৰ ৰহিম আজমল ৰাইজৰ ৰোষত পৰা ঘটনাই হোজাই জিলাত ব্যাপক চৰ্চা আৰাম্ভ হৈছে । বিগত প্ৰায় এবছৰৰ পৰা ৯০ নং যমুনামুখ সমষ্টিত অনুপস্থিতিত হৈ আছিল বিধায়ক গৰাকী। চলিত বৰ্ষত সমষ্টিটোত ৮ বাৰকৈ বানপানীৰ কবলত পৰিছিল যমুনামুখ সমষ্টিবাসী, মহামাৰী কৰোনাৰ সময়তো খবৰ নাছিল বিধায়ক গৰাকীৰ । বিধায়ক গৰাকীৰ বিৰুদ্ধে সামাজিক মাধ্যমতো ব্যাপক সমালোচনা আৰাম্ভ কৰিছিল সাধাৰণ জনতাই । বিধায়ক গৰাকী নিৰুদ্দেশ হোৱা বুলি ৱাটচাপ ফেচবুক যোগে একাংশই ট্ৰেণ্ড আৰাম্ভ কৰিছিল । দীৰ্ঘদিনৰ জল্পনা কল্পনাৰ অন্তত আজি বিধায়ক গৰাকী উপস্থিত হয় যমুনামুখ সমষ্টিত। সমষ্টিত উপস্থিত হোৱাৰ পিছতেই ক্ষোভিত ৰাইজৰ ৰোষত পৰে  যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আজমল ৷ বিধায়ক গৰাকীক দেখওৱা হয়  কলা পতাকা ৷ যমুনামুখ সমষ্টিৰ কপাহবাৰীত সংঘটিত হৈছে  এই ঘটনা ৷ কপাহবাৰী অঞ্চলত এখন সভাত অংশগ্ৰহণ কৰিবলৈ যাওতে একাংশ লোকে কলা পতাকা দেখুওৱায় বিধায়ক গৰাকীক আদৰনি জনায় ৷ বিধায়ক গৰাকী দীৰ্ঘদিন ধৰি সমষ্টিত অনুপস্থিতিত থকাৰ বাবেই ক্ষোভিত হৈ পৰে সমষ্টিবাসী ৷ ইফালে বিধায়ক গৰাকীৰ সভাতো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। একাংশ লোকে বিধায়ক গৰাকীক বিভিন্ন প্ৰশ্নৰে জবাবদিহী কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । উল্লেখযোগ্য যে বিধায়ক গৰাকী সমষ্টিবাসীক পিঠি দি একাংশ নেতা পালিনেতাক সমষ্টি ঠিকা দিয়াৰ অভিযোগ বহু জনৰ। অৱশ্যে ধন কুবেৰ আজমল বাহিনীয়ে সমষ্টি বাসীক কি বুজনি বা কি পদক্ষেপ গ্ৰহণ কৰি সমষ্টি উদ্ধাৰ কৰিব সেয়া লক্ষণীয় হব ।

Leave A Reply