Breaking

বলীউডত ৩১ বছৰ সম্পূৰ্ণ কৰিলে বাদশ্বাহ শ্বাহৰুখ খানে। অনুৰাগীৰ সৈতে টুইটাৰত বাৰ্তালাপ কৰে কিং খানে…

0 39

বলীউডত ৩১ বছৰ সম্পূৰ্ণ কৰিলে বাদশ্বাহ শ্বাহৰুখ খানে। ১৯৯২ চনতে বলীউদত অভিনয়ৰৰ কেৰিয়াৰ আৰম্ভ কৰিছিল কিং খানে। ২৫ জুনত এই উদ্যোগত ৩১ বছৰ সম্পূৰ্ণ কৰিলে শ্বাহৰুখ খানে। ৩১ বছৰীয়া এক অসাধাৰণ কেৰিয়াৰ সম্পূৰ্ণ কৰাৰ লগে লগে পাথান অভিনেতাগৰাকীয়ে টুইটাৰত অনুৰাগীৰ সৈতে মত বিনিময়ৰ ‘আস্ক এছ আৰ কে’ অনুছ্ঠানৰ আয়োজন কৰে। উদ্যোগটোত নিজৰ যাত্ৰাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা আৰম্ভ কৰি বিগত ৩১ বছৰৰ গৌৰৱময় কৃতিত্বলৈকে তেওঁৰ আগন্তুক ছবি জৱানৰ বিষয়ে অনুৰাগীৰ সন্মুখত বহুতো কথা কয় অভিনেতাগৰাকীয়ে।

এজন অনুৰাগীয়ে তেওঁৰ পৰৱৰ্তী ছবি জৱান চোৱাৰ আগতে দৰ্শকে বেণ্ডেজ লগোৱাৰ প্ৰয়োজন আছে নেকি বুলি সুধিলে এটা হাস্যৰসময়ী প্ৰশ্ন। এই সন্দৰ্ভত অভিনেতাজনে উত্তৰ দিলে, “নাহি বেটা জৱান কে দিন জৱানী কে জোছ মেইন থিয়েটাৰ পে জানা হায়।”

অভিনেতাগৰাকীয়ে উদ্যোগটোত ৩১ বছৰ সম্পূৰ্ণ কৰাৰ ওপৰত বিশেষ পোষ্ট বা টুইট লিখাৰ পৰিৱৰ্তে অনুৰাগীসকলৰ সকলো মৰম আৰু সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। অভিনেতাগৰাকীৰ শেষবাৰৰ বাবে মুক্তি পোৱা ছবি আছিল সিদ্ধাৰ্থ আনন্দৰ পাথান। এতিয়া, তেওঁ এটলীৰ জৱানৰ মুক্তিৰ বাবে সাজু হৈছে।

Leave A Reply