Breaking

বাঘবৰত স্বচ্ছতা একছন প্লেন কাৰ্যসূচীৰ সফল ৰূপায়ন…

0 1,072

ভাৰত চৰকাৰৰ পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ সৌজন্যত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ বেচৰকাৰী সংস্থা এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত বৰপেটা জিলাৰ বাঘবৰ পাহাৰৰ দাঁতিতে থকা মৰাভাজ বজাৰত স্বচ্ছতা একছন প্লেন কাৰ্যসূচীৰ সফল ৰূপায়ন কৰা হয়। তদুপলক্ষে ৰাতিপুৱা ৯.০০ বজাত জনকল্যাণ জাতীয় বিদ্যালয়ত  প্ৰধান শিক্ষক শ্ৰীযুত গীয়াছ উদ্দিনৰ পৌৰহিত্যত এখন সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকি প্লাষ্টিক ব্যৱহাৰৰ ভয়াবহতা, পৰিবেশ প্ৰদূষণ আৰু বৃক্ষৰোপনৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য আগবঢ়ায় ক্ৰমে বিজ্ঞান শিক্ষক ক্ৰমে শ্ৰীযুত আশ্রফুল ৰহমান আৰু আজাহাৰুল ইছলাম,  এছিয়ানৰ সমন্বয়ক এডভোকেট মেহবুব শ্বহীদ,  সহ:শিকয়ত্ৰী এছমিনা পাৰবিন আদি কৰি ভালে সংখ্যক স্হানীয় গন্য-মান্য ব্যক্তিয়ে।

ইয়াৰ পিছত ছাত্ৰ ছাত্ৰী সকলে প্লাস্টিক বৰ্জন, বৃক্ষৰোপনৰ বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শনেৰে শিক্ষকবৃন্দ আৰু স্হানীয় ৰাইজৰ উপস্থিতিত মৰাভাজ বজাৰৰ মাজৰে সজাগতা শোভাযাত্ৰা, বাটৰ নাট প্ৰদৰ্শন কৰি শেষত মৰাভাজ বজাৰৰ প্লাষ্টিক সমুহ পৰিস্কাৰ কৰা পৰিলক্ষিত হয়। সদৌশেষত  জনকল্যাণ জাতীয় বিদ্যালয়ৰ  চৌহদত  শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্র ছাত্ৰী  সকলৰ দ্বাৰা বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজিৰ এই অনুষ্ঠানৰ আত ধৰে এছিয়ান মিছন ইনষ্টিটিউটৰ উপ-সভানেত্ৰী বৰষা পাঠক আৰু সম্পাদক দিপাংকৰ দাসে । উল্লেখ্য যে এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্য্যসূচীক স্হানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে।

Leave A Reply