Breaking

বাঘজান কাণ্ড : অইলৰ পৰিকল্পিত ষড়যন্ত্র !

0 2,124

গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত আয়োজিত এক সংবাদমেলত মানৱ অধিকাৰ কৰ্মী সোণেশ্বৰ নৰহে কয় যে হোটেল লিলিত বহি লাখ লাখ টকা খৰচ কৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ধন থাকে, কিন্তু বাঘজান কাণ্ডৰ গৱেষণামূলক বিষয়বোৰত খৰচ কৰিবলৈ চৰকাৰখনৰ ধন নাই৷

সংবাদমেল খনত সোনেশ্বৰ নৰহ, মঃ আফ্ৰিন ৰহমান, সমুদ্ৰজিৎ গোঁহাই, প্ৰণৱ দলে, আৰু ধ্ৰুৱজ্যোতি সাহাই এক গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ বিশিষ্ট সমাজকৰ্মীকেইগৰাকীৰ অভিযোগ “কনডেনচেট ব্যৱহাৰৰ দৰে অতি স্পৰ্শকাতৰ বিষয়টোক লুকুৱাই অইলে অবৈধভাৱে চলোৱা খননৰ বাবেই ভয়াবহ বাঘজান কাণ্ড সংঘটিত হৈছিল ।

উল্লেখ্য যে বাঘজান কাণ্ড সম্পৰ্কত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত অইল ইণ্ডিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু তৰিছিল বোকাখাতৰ সোণেশ্বৰ নৰহ, মঃ আফ্ৰিন ৰহমান আৰু সমুদ্ৰজিৎ গোঁহায়ে ৷

দোষী অইলৰ বিষয়াক হাতকেৰীয়া লগাই ৰাইজৰ আদালতত বিচাৰৰ বাবে হাজিৰ কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালক সংবাদমেলৰ যোগেদি আহ্বান জনায়৷ অসমৰ তিনিচুকীয়া জিলাৰ বাঘজানৰ বিস্ফোৰণ আৰু তাৰ ফলস্বৰূপে ৮ জুনত সংঘটিত অগ্নিকাণ্ডৰ সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় গ্ৰীণ ট্ৰিবিউনেলত (ইষ্টাৰ্ণ জন বেঞ্চ) ২৭ জুনত এক গোচৰ ৰুজু কৰে।

সংবাদমেলত তেওঁলোকে উল্লেখ কৰে যে ইতিমধ্যে ন্যায়ালয়ে প্ৰকাশ কৰিছে যে বাঘজানৰ খাদ কোনো সাধাৰণ গেছ খাদ নহয়, বৰঞ্চ ই গেছ কনডেনচেট খাদ। কৰ্তৃপক্ষ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে আগতেই বিশেষভাৱে ইয়াৰ যত্ন আৰু সাৱধানতা লোৱাটো নিশ্চিত কৰিব লাগিছিল।

Leave A Reply