Breaking

বাক্সা আৰক্ষী সাফল্য ! পিষ্টলসহ গ্ৰেপ্তাৰ ৫ দুধৰ্ষ ডকাইত।

0 515

দীৰ্ঘদিন ধৰি বাক্সাৰ বিভিন্ন অঞ্চলত ডকাইতৰ এটা বৃহত চক্ৰই নিদ্ৰাহৰণ কৰি আহিছিল বাক্সা আৰক্ষীৰ ৷ ৰাজ্যখনৰ কেইবাটাও মাইক্ৰোফাইনেন্সৰ কৰ্মচাৰীক বাট আগচি ধৰি ধন লুট কৰি আহিছিল ডকাইতৰ দলটোৱে ৷ দীৰ্ঘদিন ধৰি চলা চেষ্টাৰ অন্তত আৰক্ষীয়ে পিষ্টল সহ ৫ জনীয়া ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

বাক্সাৰ নৱ নিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্বল প্ৰতীম বৰুৱাৰ নেতৃত্বত শুকুৰবাৰে পিষ্টলসহ পাঁচ জনীয়া ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে মুছলপুৰ আৰু অডালবাৰীত তীব্ৰ অভিযান চলাই ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।ডকাইতৰ দলটো ক্ৰমে  অঞ্জন দাস, গোপেশ দাস, হিমাংশু হালৈ, কুলদীপ ৰয় আৰু খনীন ডেকা ৷ ডকাইত কেইটাৰ পৰা এটা পিষ্টল, এখন মাৰুতী চুজুকী, এখন গ্ৰেণ্ড আই টেন, এখন ৰেদী গ’ গাড়ী, দুখন বাইকৰ লগতে ৫টা মোবাইল হেণ্ডচেট জব্দ কৰে আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে ডকাইতৰ দলটোক মুছলপুৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে।

আৰক্ষীয়ে দুবছৰ ধৰি ডকাইত কেইটাৰ অনুসন্ধান কৰি আছিল যদিও আৰক্ষীৰ চকুত ধুলি দি চলাই আছিল ডকাইতি কাণ্ড । অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে ডকাইতৰ দলটোৰ আৰু দুজন সংগী বৰ্তমানো পলাতক অৱস্থাত আছে ৷ অচিৰেই গেংটোৰ বাকী দুটাকো কৰায়ত্ত হব

Leave A Reply