Breaking

গৰুৰ চৰণীয়া পথাৰত পৰিণত বালাবাৰী গাওঁ পঞ্চায়ত

0 161

এটি আজৱ কাৰ্যালয়। য’ত কৰ্মচাৰীৰ পৰিৱৰ্তে আছে কেৱল গৰু আৰু গৰু। কাৰ্যালয়টোৰ চাৰিওফালে কেৱল গৰু। গৰুৰ চৰণীয়া পথাৰত পৰিণত হৈছে এই কাৰ্যালয়। এইয়া হৈছে পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত বালাবাৰী গাওঁ পঞ্চায়ত কাৰ্যালয়। কাৰ্যালয়টোলৈ মানুহ অহা বাদেই দিছে।

কাৰণ উপস্থিত নাথাকে কোনো কৰ্মচাৰী। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত সোমবাৰে দিনৰ ২ বজাত উপস্থিত হয় সাংবাদিকৰ এটি দলে। গোটেই দিনটো তলাবন্ধ থাকিল কাৰ্যালয়ৰ। কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ কৰ্ম- সংস্কৃতিয়ে অতিষ্ঠ কৰিছে সৰ্বসাধাৰণ ৰাইজক।

পুৱা ৯:৩০ বজাত নিজ কাৰ্যালয়ত কৰ্মচাৰী সকল উপস্থিত থকাটো বাধ্যতামূলক কৰিছে যদিও গুৰুত্ব নাই এইসকল কৰ্মচাৰীৰ। বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই নিজ খেয়াল খুচি মতে অহা যোৱা কৰে বালাবাৰী গাওঁ পঞ্চায়তৰ বিষয়া কৰ্মচাৰী সকলে।

যাৰ বাবে বিভিন্ন কাম-কাজৰ বাবে কাৰ্যালয়লৈ অহা লোক সকলে ঘন্টাৰ পিছত ঘন্টা বহি থাকি ঘুৰি যাব লগীয়া হয় অহা বাটেৰে। জানিবলৈ দিয়া মতে মাজে সময়ে কাৰ্যালয়ৰ তলা খুলে যদিও কোনো কৰ্মচাৰী উপস্থিত নোহোৱাত তলাবন্ধ কৰি আকৌ ঘৰমুৱা হয় চকীদাৰে।

কামৰ বিভিন্ন অজুহাত দেখুৱাই মাহেকত দুই এদিন উপস্থিত থাকে কৰ্মচাৰী সকলে। নিজ কৰ্তব্যক ফাকি দিয়া এইসকল বিষয়া কৰ্মচাৰীৰ বাবেই বিগত বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত জবকাৰ্ড একাউন্টত দিয়া ধনখিনি পোৱা নাছিল।

দুৰ্নীতিগ্ৰস্থ বিষয়া কৰ্মচাৰী সকলে ৰাইজৰ ৰোষত পৰাৰ ভয়ত মাহেকৰ অধিকাংশ দিন নিজ কাৰ্যালয়ত উপস্থিত নাথাকে নেকি ৰাইজৰ মাজত প্ৰশ্ন উদয় হৈছে? নিজ খেয়াল খুচি মতে কাৰ্যালয় লৈ অহা যোৱা কৰা এইসকল দুৰ্নীতি গ্ৰস্থ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে জিলা উপায়ুক্ত‌ই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষনীয়।

Leave A Reply