Breaking

মায়ঙৰ বালিমুখ বজাৰত বলে’ৰ পিকাপ বাহন চুৰি

0 562

মৰিগাঁও জিলাৰ মায়ং ৰাজহচক্ৰ অন্তৰ্গত বালিমুখ নতুন বজাৰৰ হাৰ্ডৱেৰ ব্যৱসায়ী আফাজ উদ্দিনৰ এখন নতুন বলে’ৰ পিকাপ গাড়ী যোৱা নিশা  দোকানৰ  সন্মুখৰ পৰা চুৰি হৈছিল।  উক্ত গাড়ী খন আজি পোৱাৰ ভাগত দৰং জিলাৰ  বুঢ়া  আৰক্ষী চকীয়ে তিনিটা চোৰ সহ গাড়ীখন  আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে দৰঙৰ এটা চক্ৰৰ হাতত  দুইলাখ টকাত বন্ধ বস্তী কৰি বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল ৷ উক্ত বলে’ৰ গাড়ীৰ চালক আশাদুল ইছলামো এই চক্ৰৰ লগত জড়িত থকা বুলি সন্দেহৰ আঁৰত  জাগীৰোড থানাৰ আৰক্ষীয়ে সোধ পুচৰ বাবে  বালিমুখ নতুন বজাৰৰ পৰা আশাদুলক আটক কৰে ৷ উল্লেখ্য যে ধৃত তিনিটা চুৰে ব্যৱহাৰ কৰা AS 01 GC 5678 নম্বৰৰ বলে’ৰ গাড়ীখন জাগীৰোড থানাৰ আৰক্ষীয়ে সম্প্রতি জব্দ কৰিছে। অৱশ্যে এই চুৰি কাৰ্যৰ লগত সংগতি ৰাখি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Leave A Reply