Breaking

বাঁহ উদ্যোগ: আশা আৰু সম্ভাৱনা

0 529

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে  আত্মনিৰ্ভৰশীল ভাৰত আৰু থলুৱা সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত যি ইংগিত দিলে তাক লৈ আজিৰ এই সংকটময় সময়তো আমি আশাবাদী হৈ উঠিছোঁ ৷ আগন্তুক দিনবোৰত নিৱনুৱা সমস্যাই যি ভয়ানক ৰূপ লব পাৰে বুলি এক ধাৰণা গঢ় লৈ উঠিছে তেনে সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যই আমাৰ যুৱক যুৱতীসকলক যথেষ্ট সাহস দিছে ৷ অনাগত দিনত মধ্যভোগীৰ চকু নপৰাকৈ এই আঁচনিসমূহ ৰাইজৰ মাজলৈ নিব পাৰিলেই আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন সাৰ্থক হব ৷ দেশৰ প্ৰতিখন ৰাজ্যৰ প্ৰাকৃতিক সমল আৰু জলবায়ু ভিন্ন ৷ এই সমল সমূহৰ প্ৰকৃত ব্যৱহাৰ কৰিব পাৰিলেই ৰাজ্যখন স্বনিৰ্ভৰশীল হোৱাত নিশ্চয় সহায়ক হব ৷ অসমৰ বিভিন্ন প্ৰাকৃতিক সম্পদৰ ভিতৰত বাঁহ অন্যতম ৷ চাহপাত, কয়লা, খাৰুৱাতেলৰ বৃহৎ উদ্যোগৰ প্ৰতি চৰকাৰ, পুজিপতি ব্যৱসায়ী আদি সকলো উৎসাহী যদিও দেশৰ ভিতৰত সৰ্বাধিক বাঁহ উৎপাদন কৰা ৰাজ্য হোৱাৰ পিচতো বাঁহৰ যথোচিত উদ্যোগ এটা গঢ়াৰ সদিচ্ছাৰ অভাৱ যেন আমাৰ বোধ হয় ৷ সঠিক প্ৰশিক্ষণ পালে থলুৱা বহু নিবনুৱা যুৱক যুৱতীয়ে এই উদ্যোগৰ লগত জড়িত হৈ স্বনিৰ্ভৰশীল হ’ব পাৰিব ৷ সম্প্ৰতি বাঁহৰ ৰপ্তানিৰ লগত কিমানজন অসমীয়া যুৱক জড়িত হৈ আছে তাৰ নিশ্চিত তথ্য আমাৰ হাতত নাই যদিও এই সংখ্যা নিচেই তাকৰ বুলি আমি নিশ্চিত ৷ দৈনন্দিন ব্যৱহাৰৰ বিভিন্ন আচবাব আৰু সামগ্ৰী বাঁহেৰে অতি উন্নতমানৰ কৰি নিৰ্মাণ কৰিব পাৰি। ভাল বজাৰ আৰু প্ৰশিক্ষণৰ দিহা কৰিলে আৰু বহুতকে এই ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী কৰিব পৰা যাব। বজাৰৰ অভাৱত বা বজাৰখনৰ লগত যোগসূত্ৰ স্থাপন কৰিব নোৱাৰাৰ বাবে বহুতেই বাঁহৰ শিল্পকৰ্মত দখল থকাৰ পিচতো এই কৰ্মক জীৱিকা হিচাপে লব পৰা নাই ৷ এইক্ষেত্ৰত চৰকাৰৰ প্ৰত্যক্ষ সহযোগ আৰু নেতৃত্ব লাগিব ৷ বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত ৰাজসাহায্যযুক্ত ঋণৰ বাবে নিজৰ বাঁহৰ সামগ্ৰী নিৰ্মাণৰ ক্ষুদ্ৰ উদ্যোগটোৰ ভৰষাত আগবাঢ়ে যদিও বেংকৰ বা চৰকাৰী কাৰ্যালয়ৰ মেঁৰপেচত সপোন পূৰণ নহয়। নীতি নিৰ্দেশনাৰ মাজেৰেই এনেবোৰ প্ৰক্ৰিয়া সৰলীকৰণত চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগিব ৷ কিছুবছৰ আগতে নলবাৰীৰ যুৱ উদ্যোগী এগৰাকীৰ বাঁহেৰে মৃতদেহ কঢ়িওৱা বিজ্ঞানসন্মত কফিন নিৰ্মাণ আৰু ৰপ্তানি কৰাৰ তেখেতৰ  বৃহৎ পৰিকল্পনা কেনেকৈ চৰকাৰী বিত্তীয় সাহায্য নোপোৱাৰ বাবেই স্তব্ধ হৈ পৰিছিল তাৰ দুখজনক বৰ্ণনা শুনি সান্ত্বনা বা সাহস দিয়াৰ ভাষা বিচাৰি পোৱা নাছিলো ৷ বৰ্তমান চৰকাৰৰ দিনত অন্তত তেনে নিজৰ লগতে আন দহজনক সংস্থাপন দিব পৰা আঁচনি কাগজৰ ভাজতে ধ্বংস হৈ নাযাব বুলি আশা ৰাখিছোঁ ৷ ৰাজ্যচৰকাৰে এই ক্ষেত্ৰত নিজেই উদ্যোগ ললে বৰ্তমানৰ জটিল সময়তো আমি বহু যুৱক যুৱতীৰ সংস্থাপনৰ বাট মুকলি কৰি দিব পাৰিম ৷

ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

নলবাৰী, ৯৮৬৪১৪৯৬৬৪

Leave A Reply