Breaking

বঙাইগাঁৱৰ গোলাপাৰাত বান সাহাৰ্য্যৰ পৰা বঞ্চিত বানাক্ৰান্ত ৰাইজৰ প্ৰতিবাদ

0 82

বঙাইগাঁৱ: বঙাইগাঁৱৰ গোলাপাৰাত বান সাহাৰ্য্যৰ পৰা বঞ্চিত বানাক্ৰান্ত ৰাইজৰ প্ৰতিবাদ। ক্ষতিগ্ৰস্ত পৰিয়ালৰ পৰিৱৰ্তে ক্ষতি নোহোৱা পৰিয়ালৰ মাজত বান সাহাৰ্য্য বিতৰণৰ অভিযোগ।

বান সাহাৰ্য্যৰ ক্ষেত্ৰত দুই হাত খুলি বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত সমুহক নিৰ্দেশ দিয়াৰ সময়তে বঙাইগাঁও জিলাৰ গোলাপাৰাত বিপৰীত ছবি পৰিলক্ষিত হৈছে। জিলাখনৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত গোলাপাৰাত বান সাহাৰ্য্যৰ পৰা বঞ্চিত বানাক্ৰান্ত ৰাইজে জন প্ৰতিনিধি আৰু প্ৰসাশনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

গোলাপাৰা প্ৰথম খণ্ডত বান সাহাৰ্য্য বিতৰনৰ ক্ষেত্ৰত জনপ্ৰতিনিধি সকলে অনিয়ম সংগঠিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। ক্ষতিগ্ৰস্ত পৰিয়ালৰ পৰিবৰ্তে ক্ষতি নোহোৱা পৰিয়ালৰ মাজত বান সাহাৰ্য্য বিতৰণৰ অভিযোগ তুলিলে ৰাইজে। প্ৰতিবাদকাৰী সকলে জনপ্ৰতিনিধ গো বেক, জিলা প্ৰশাসন হায় হায় আদি শ্লোগান দি শীঘ্ৰেই তেওলোকৰ মাজত বান সাহাৰ্য্য যোগান ধৰিবলৈ আহ্বান জনাইছে।

প্ৰেৰক মাণিকপুৰৰ পৰা মফিদুল ইছলাম

Leave A Reply