Breaking

গুৱাহাটীত বন্ধন বেংকৰ নাৰেঙ্গী শাখা মুকলি ! শাখাৰ দ্বাৰ মুকলি কৰে ই জি হস্পিতালৰ পৰিচালন সঞ্চালক ডা° হিৰেন কলিতাই…

0 74

গুৱাহাটীত বন্ধন বেংকৰ নাৰেঙ্গী শাখা মুকলি

শাখাৰ দ্বাৰ মুকলি কৰে ই জি হস্পিতালৰ পৰিচালন সঞ্চালক ডা° হিৰেন কলিতাই

🔹গুৱাহাটী, ১৭ নবেম্বৰ: ২০০১ চনত এন জি অ’ হিচাপে আত্মপ্ৰকাশ কৰা বন্ধনে সময়মাফিক ক্ষুদ্ৰ ঋণৰ জৰিয়তে ভাৰতৰ অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক ধন ধাৰে দিয়া মহাজনসকলৰ কবলৰ পৰা উদ্ধাৰ কৰি দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

২০১৫ চনত বেংক হিচাপে পৰিগণিত হোৱাৰ পিছত বন্ধন বেংকে ছয় হেজাৰতকৈ অধিক বেংকিং শাখা আৰু আউটলেটৰ জৰিয়তে ভাৰতৰ ৩৫ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰৰ বিভিন্ন চুকে-কোণে নিজৰ পৰিসেৱা আগবঢ়াবলৈ সক্ষম হৈছে৷ এক শক্তিশালী নেটৱৰ্কৰ জৰিয়তে বেংকটোৱে ৩ কোটি ১৭ লাখতকৈ অধিক গ্ৰাহকক সেৱা আগবঢ়াই আছে ৷ বন্ধন বেংকে বেংকিং সেৱাৰ পৰা বঞ্চিত হৈ থকা কেইবা নিযুত ভাৰতীয়ক মূলসুঁতিৰ বেংকিং সেৱাৰ সৈতে চামিল কৰাইছে। কামৰূপ মহানগৰীৰ নাৰেঙ্গী চন্দ্ৰপুৰ ৰোডত বন্ধন বেংকৰ অসমৰ ১০৬ নং শাখাটোৰ দ্বাৰ মুকলি কৰা হয়৷ শাখাটো মুকলি কৰে ই জি হস্পিতালৰ পৰিচালন সঞ্চালক ডা° হিৰেন কলিতাই ৷শাখাটো মুকলি কৰি তেওঁ কয় যে আজি এই শাখা মুকলিৰ যোগেদি এই অঞ্চলৰ সকলো ধৰণৰ জনসাধাৰণ উপকৃত হব ৷

লগতে তেওঁ আশা প্ৰকাশ কৰে যে এই শাখাটোৱে এই অঞ্চলৰ ব্যৱসায়ী সকলক লোনৰ যোগান কৰি আন্তনিৰ্ভৰশীল হোৱাত সহায় কৰিব ৷ বন্ধনৰ ৰিজিয়নাল বিজিনেছ এইছ আৰ পলাশ প্ৰতিম দুৱৰাই কয় যে এখন দেশ বা ৰাজ্য উন্নতি হ’বলৈ বেংক সমূহৰ বিশেষ ভূমিকা থাকে। যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি বা চহৰ অৰ্থনৈতিকভাৱে আগ বঢ়োৱাৰ ক্ষেত্ৰত বন্ধন বেংকৰ ভূমিকা অতি প্ৰশংসনীয়। কাৰণ বন্ধন বেংকে উঠি অহা শিক্ষিত যুৱক- যুৱতীসকলক বিশেষ ভাৱে আগবঢ়াই নিয়াৰ লগতে মহিলা সৱলীকৰণৰ ক্ষেত্ৰতো বিশেষ অৰিহণা যোগায় আহিছে। অনাগত দিনত নাৰেঙ্গী শাখাৰ তৰফৰ পৰা এই অঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে।

বন্ধন বেংকৰ নাৰেঙ্গী শাখাটোৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে বন্ধন বেংকৰ গুৱাহাটী ক্লাষ্টাৰ হেড অভয় কুমাৰে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বন্ধন বেংকৰ ৰিজিয়নাল বিজিনেচ এইছ আৰ হিমাংশু জিৎ চেতিয়াই কয় যে এইটো আমাৰ অসমৰ ১০৬ নং শাখা ৷এই শাখাৰ যোগেদি গ্ৰাহকসকলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে উপকৃত হব বুলি মত প্ৰকাশ কৰাৰ লগতে বেংকে ন ন পৰিকল্পনা আগত ৰাখি ৰিজাৰ্ভ বেংকৰ নীতিনিয়ম অনুসৰি কাম কৰি যাব বুলি কয় ৷ অনুষ্ঠানত বন্ধন বেংকৰ এইছ আৰ হিমাস্মীতা কাশ্যপ, ৰিজিয়নাল অপাৰেচন এস্কিউকেটিভ চন্দন ডেকা ,ৰিজিয়নাল অপাৰেচন মেনেজাৰ ঋষি শৰাফ,শাখা প্ৰৱন্ধক অপৰ্ণা হালৈ ,নুনমাটি শাখা পৰিচালক গৌতম সিনহা ,শিলপুখুৰী শাখাৰ শাখা পৰিচালক চন্দন নাথ ,পল্টনবজাৰ শাখাৰ শাখা পৰিচালক বিশ্বজিৎ বেনাৰ্জী,সহকাৰী শাখা পৰিচালক প্ৰীতি উষা শইকীয়াৰ লগতে কৰ্মচাৰী বৃন্দও উপস্থিত থাকে৷

Leave A Reply