Breaking

বানে ছিঙিলে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথ : কেইবাখনো গাৱৰ যোগাযোগ বিচ্ছিন্ন।

0 1,562

যোৱা কিছুদিন ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত বৰষুণৰ বাঢ়নি পানীয়ে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথৰ একাংশ উটুৱাই নিয়ে। ৰঙিয়াৰ সমীপৱৰ্তী বাক্সা জিলাৰ ধেপাৰগাৱত বৰষুণৰ পানীয়ে উটুৱাই নিয়ে পথটোৰ একাংশ। যাৰ ফলত পথটোৰে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যহত হৈ পৰে।পথটোৰ ওপৰেৰে পানী বাগৰি যোৱাৰ ফলত যান বাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে। ৰাইজে ততাতৈয়াকৈ এখন বাহৰ সাকো নিৰ্মাণ কৰি বৰ্তমান এই পথটোৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে। উল্লেখযোগ্যযে এই পথচোৱাই হʼল কাউৰবাহা,মাদৈকাটা,গান্ধীবাৰী,লতিবাৰী আদি অঞ্চলৰ ৰাইজৰ যাতায়াতৰ প্ৰধান পথ ।ৰাইজৰ অভিযোগ ঠিকাদাৰে অবিজ্ঞানসন্মতভাৱে অতি নিন্মমানৰ কাম কৰি যোৱাৰ ফলতেই এইদৰে বৰষুণৰ পানীত পথচোৱা উটি গৈছে। বৰ্তমান কʼভিদ সৃষ্ট পৰিবেশ ,ইয়াকেলৈ ৰাইজ এতিয়া শংকাত ভুগিছে কিয়নো স্বাস্থ্যসেৱাকে আদি কৰি যিকোনো জৰুৰীকালীন সেৱা তেওঁলোকে সহজতে নাপাব । উল্লেখযোগ্য যোৱা বৰ্ষৰ জুলাই মাহত হোৱা প্ৰলয়ংকাৰী বানে বগৰীবাৰীত মথাউৰি ছিগি সমগ্ৰ অঞ্চলটো জলমগ্ন কৰিছিল। বাট পথৰো বিস্তৰ ক্ষতি সাধন কৰিছিল। উটুৱাই নিছিল বহু পৰিয়ালৰ ঘৰ দুৱাৰ। ইপিনে কিছুদিন পূৰ্বে মেৰামতি কৰা পথটো পুনৰ পানীয়ে এনেদৰে ছিগি নিয়াত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। অতি শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ সংশ্লিষ্ট বিভাগক ৰাইজে দাবী জনাই।

Leave A Reply